টী-২০ বিশ্বকাপৰ পৰা বাহিৰ ভাৰতীয় বলাৰ বুমৰাহ...

ভুৱনেশ্বৰৰ যোগ্য সংগী কোন হ'ব তাক লৈ চিন্তিত দলীয় মেনেজমেণ্ট

author-image
Asomiya Pratidin
New Update
টী-২০ বিশ্বকাপৰ পৰা বাহিৰ ভাৰতীয় বলাৰ বুমৰাহ...

BUMRAH

ডিজিটেল ডেস্কঃ সন্মুখত টী-২০ বিশ্বকাপ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ প্ৰাক মূহুৰ্তত ভাৰতীয় ক্ৰিকেট দলত মোক্ষম আঘাত। আঘাতৰ বাবে সমাগত বিশ্বকাপৰ পৰা বাদ পৰিছে পেচ বলাৰ যশপ্ৰীত বুমৰাহ। বুমৰাহৰ অনুপস্থিতিৰ প্ৰভাৱ বাৰুকৈ পৰিব ৰোহিত বাহিনীৰ ওপৰত।

Advertisment

উল্লেখ্য যে মঙলবাৰে বুমৰাহে অনুশীলনৰ সময়ত পিঠিত আঘাত পাইছিল। যাৰ ফলত বুমৰাহৰ বিশ্বকাপ খেলাৰ অনিশ্চিয়তা আহি পৰিছে।

আনহাতে, টী-২০ বিশ্বকাপ অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াত যি বিখ্যাত বেগী আৰু বাউঞ্চাৰ বলৰ বাবে। তেনে পিটছত এছিয়ান দল সমুহৰ স্পিন বলে লাভ কৰা সফলতাৰ হাৰ যথেষ্ট কম। আঘাতজনিত সমস্যাৰ বাবে কিছুদিন আগতে দলৰ পৰা বাদ পৰিছিল অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা ।

বিশ্বকাপৰ বাবে ভাৰতীয় দলত অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰৰ সংগী হিচাপে বুমৰাহ, বাঁওহতীয়া অৰ্শদীপ আৰু প্ৰতিভাৱান হৰ্ষল পেটেল দলত আছিল যদিও বিদেশত বিশ্বকাপ খেলাৰ অভিজ্ঞতা ভুৱনেশ্বৰ আৰু বুমৰাহৰ বাহিৰে বাকী দুগৰাকীৰ নাই। তেনে পৰিপ্ৰেক্ষিতত বুমৰাহৰ অনুপস্থিতিয়ে বলিং বিভাগত হানিব মোক্ষম আঘাত। ভুৱনেশ্বৰৰ যোগ্য সংগী কোন হ'ব তাকলৈ চিন্তিত দলীয় মেনেজমেণ্ট। কিয়নো সম্প্ৰতি ভাৰতৰ জ্যেষ্ঠ পেচাৰ মহম্মদ চামীও দলৰ বাহিৰত।

BUMRAH T-20WC