/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/dcd7f179-ce24-435a-a342-81029afae749/hariyana_3.jpg)
hariyana
ডিজিটেল ডেস্কঃ বিগত সময়ছোৱাত দেশৰ কেইবাটাও স্থানত বহু অট্টালিকা ভাঙি পেলোৱা হৈছে। জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই অট্টালিকাসমূহ ভাঙি পেলোৱাৰ সময়ত এই পৰ্যন্ত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাছিল যদিও আজি হাৰিয়ানাত তেনে এক অট্টালিকা ভাঙি পেলোৱাৰ সময়ত সংঘটিত হয় এক দুৰ্ঘটনা।
হাৰিয়ানাৰ গুৰুগ্ৰামৰ এটা অট্টলিকা ভাঙি পেলোৱাৰ সময়ত অট্টালিকাটোৰ এটা অংশ খহি পৰাৰ ফলত কেইবাজনো শ্ৰমিক আঘাটৰ সন্মুখীন হ'বলগীয়া হৈছে। আনহাতে মৃত্যু হৈছে আন এজন শ্ৰমিকৰ। জানিব পৰা মতে অট্টালিকাটো ভাঙি পেলোৱাৰ সময়তে ইয়াৰ ধ্বংসাৱশেষৰ মাজত অৱদ্ধ হৈ পৰে চাৰি জন শ্ৰমিক।
এই ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত আহত হোৱা এজন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। আনহাতে আন তিনিজন শ্ৰমিক ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে। অৱশ্যে দুৰ্ভাগ্যজনক ভাৱে উদ্ধাৰ কৰা শ্ৰমিকজনৰ পৰৱৰ্তী সময়ত মৃত্যু হয়।
আনহাতে গুৰুগ্ৰাম ৱেষ্টৰ ডি চি পি দীপক চাহৰনে এই ঘটনা সন্দৰ্ভত কয় যে, ভাঙি পেলোৱা অট্টালিকাটো পুৰণি। ২৬ ছেপ্টেম্বৰৰ পৰা এই অট্টালিকাটো ভাঙি থকা হৈছিল। ইতিমধ্যে এই অট্টালিকাটোৰ দুটাকৈ মহলা ভাঙি সম্পূৰ্ণ কৰা হৈছে। ইয়াৰে শেষ অংশটো ভঙাৰ সময়তে খহি পৰি এই দুৰ্ঘটনা সংঘটিত হয়।