/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1befa6bf-d05a-4f5e-86f6-8ea436bc4c10/delhi_10.jpg)
delhi
ডিজিটেল ডেস্কঃ পুনৰ এক অট্টালিকা খহি পৰাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটি ৪ বছৰীয়া শিশুৰ সৈতে ৩ জন লোকে প্ৰাণ ত্যাগ কৰিছে। ধাৰাষাৰ বৰষুণৰ মাজতেই দেওবাৰে নিশা দিল্লীৰ লাহোৰী গেটৰ কাষত এটা দুমহলীয়া অট্টালিকা খহি পৰিছে।
বাতৰি অনুসৰি এই দুৰ্ঘটনাত এটি ৪ বছৰীয়া কন্যা শিশুসহ ৩ জন লোকৰ প্ৰাণহানি হৈছে। এতিয়াও ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে আন ৪ জন লোক। ইফালে গুৰুগ্ৰামত এটা পুখুৰীত ৬ টিকৈ শিশু ডুব গৈছে।
জানিব পৰা এই শিশু কেইটাই পুখুৰীটোত গা ধুবলৈ গৈছিল। ইয়াৰ পিছতে শিশু কেইটা পুখুৰীৰ পানীত ডুব গৈছে। ইতিমধ্যে ৬ টি শিশুৰে মৃতদেহ উদ্ধাৰ হৈছে।