/asomiyapratidin/media/media_files/2025/03/10/ph6tYBBWf9GfiheGywV8.jpg)
1. ৰাজ্যিক বৰ্ড আৰু চি বি এছ ইৰ অধীনত বহ্মপুত্ৰ উপত্যাকাত থকা সকলো ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া ভাষা আৰু বি টি আৰত থকা সকলো বিদ্যালয়ত অসমীয়া আৰু বড়ো ভাষা বাধ্যমূলক। অন্যাথা ভৰিব লাগিব জৰিমনা।
2. মিছন বসুন্ধৰাৰ অধীনত অহা ৩বছৰত ৫লাখ ডিজিটেল পট্টা প্ৰদান কৰিব চৰকাৰে। ভূমি প্ৰশাসন কৰ্মচাৰীৰ বাবে ২০০০টা অতিৰিক্ত পদৰ সৃষ্টি।
3. ২০২৫-২৬বৰ্ষত অসমৰ চৰ অঞ্চলৰ জৰীপ আৰম্ভ হব। বাজেটত এই ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে।
4. চিকিতসা মহাবিদ্যালয়ত সমূহত নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীসকলক বাহন ক্ৰয়ৰ বাবে সূতবিহীন ঋণ প্ৰদান কৰিব চৰকাৰে। তেওঁলোকক সহজ গৃহ আচঁনিও ক্ষেত্ৰতো শীঘ্ৰে চিন্তা-চৰ্চা কৰা হব।
5. ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত প্ৰটন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ। ইয়াৰ বাবে ক্ৰয় কৰিবলগীয়া যন্ত্ৰটোৰ নাম ৫৫০কোটি টকা। এই প্ৰকল্পৰ বাবে চৰকাৰে চি এছ আৰঁৰৰ পুঁজি ব্যৱহাৰ কৰিব।
6. আগশাৰীৰ হাস্পতাসমূহক ৰেহাই মূল্যত ভূমি আৰু আন সুবিধা প্ৰদানেৰে অসমলৈ অনাৰ বাবে কাম কৰিব অসম চৰকাৰে। অসম চিকিতসা পৰ্যটনৰ এক কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ পোষকতা।
7. উচ্চ শিক্ষা প্ৰতিষ্ঠানে আন্তঃগাথনি আৰু উন্নয়ন, যন্ত্ৰপাতি ক্ৰয়ৰ বাবে বেংকৰ পৰা সহজ ঋণ লাভ কৰিব। ইয়াৰ বাবে ২৫শতাংশ চৰকাৰী ৰাজসাহায্য লাভ কৰিব।
8. লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূৰ্ণাংগ অভাযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত।
9. অসমৰ ২১৮খন চাহ বাগিছাত ১১৬খন আদৰ্শ বিদ্যালয় কাৰ্যক্ষম হৈ উঠিছে। এই বছৰটোত আৰু ৯৭খন আদৰ্শ বিদ্যালয় মুকলি কৰাৰ কথা ঘোষণা। ২৫খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদৰ্শ বিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত।
10. বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০হাজাৰ টকালৈ বৃদ্ধি। তেওঁলোকৰ সেৱা ৬০বছৰলৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত।
11. কাৰ্বি আংলং ,পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক নিৰ্মল শক্তি আৰু পৰিৱেশ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়াৰ কথা ঘোষণা এইবেলি বাজেটত।
12. বিটিচিৰ উন্নয়নৰ বাবে ১,১৪৩কোটি টকা, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ বাবে ৬২১কোটি টকা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশালিত পৰিষদৰ বাবে ৩০৬কোটি টকা ধাৰ্য কৰা হৈছে এই ২০২৫-২৬বৰ্ষৰ বাজেটত।
13. অসম চৰকাৰে নতুন দুটা বিভাগ সৃষ্টি কৰিব। ষ্টাৰ্টআপ, ইনকিউবেচন আৰু উদ্ভাৱন বিভাগৰ বাবে ৬০কোটি টকা ধাৰ্য। বৰাক উপত্যাকা উন্নয়ন বিভাগৰ বাবে ১০০কোটি টকা ধাৰ্য কৰা হৈছে।
14. লোক নিৰ্মাণ(গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ পৰা লোক নিৰ্মাণ (স্বাস্থ্য আৰু শিক্ষা) নামেৰে এটা নতুন বিভাগৰ সৃষ্টি কৰা হব।
15. অসমত কণী উতপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু হাঁহ-কুকুৰা খণ্ডৰ বাণিজ্যিককৰণ নীতি ৰূপায়নৰ বাবে ২৪কোটি টকাৰ আৱন্টন।
16. গাহৰিৰ কৃত্ৰিম প্ৰজনন অভিযানৰ লগতে গাহৰি প্ৰজনন কাৰ্যসূচী প্ৰসাৰৰ বাবে কানাডাৰ পৰা প্ৰজাতি অনা হব। ইয়াৰ বাবে ১১কোটি টকাৰ আৱন্টন।
17. পোহনীয়া জীৱৰ হাস্পাতাল হব কেইবাখনো জিলাত। ২০২৫ত কাৰ্যক্ষম হৈ উঠিব- গুৱাহাটী, বোকাখাত, ডিব্ৰুগড়ৰ তিনিখন হাস্পাতাল। কামৰূপ, গোলাঘাট, লখিমপুৰ আৰু তিনিচুকীয়াত চাৰিখন মাল্টিকেয়াৰ পশু চিকিতসালয়ৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ বাবে ২৪কোটি টকা ধাৰ্য।
18. যোৰহাট, ধেমাজি আৰু ডিব্ৰুগড়ত তিনিটা নতুন দুগ্ধ সংসাধন প্ৰকল্পৰ লগতে বজালীত এটা নতুন প্ৰকল্প। দুগ্ধ খণ্ডত প্ৰতিদিনে ১০লাখ লিটাৰ দুগ্ধ সংসাধনৰ লক্ষ্য।
19. মিছন বসুন্ধৰা ৩.০মুকলি কৰা হৈছে। ইয়াৰ অধীনত ৬লাখতকৈ অধিক আৱেদন কৰিছে।
20. গাওঁবূুঢ়াসকলৰ দৰমহা ৯হাজাৰ টকাৰ পৰা ১৪ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ২০২৫-২৬বৰ্ষৰ বাজেটত।
21. বড়োলেণ্ড ক্ষেত্রীয় পৰিষদত বিগত সময়ছোৱাত দুখজনক জনগোষ্ঠীয় সংঘর্ষ দেখিবলৈ পোৱা গৈছিল য'ত ৬ লাখতকৈও অধিক লোক ক্ষতিগ্রস্ত হৈছিল আৰু বহু পৰিয়াল বেদনাত ভুগিব লগা হৈছিল। এই পৰিয়ালসমূহৰ বেছিসংখ্যকে সাহায্য আৰু পুনৰসংস্থাপন লাভ কৰিছিল যদিও ৪,০০০ তকৈ অধিক পৰিয়ালে এতিয়াও সাহায্য নোপোৱাকৈ আছে। নির্যাতিতসকলক ন্যায় আৰু মৰ্যাদা প্রদান নিশ্চিত কৰিবলৈ এই বাজেটত অতিৰিক্ত ৩০ কোটি টকাৰ প্রস্তাৱ।
22. সন্ত্ৰাসবাদৰ পথ ত্যাগ কৰি আত্মসমৰ্পণ কৰা গোটসমূহৰ পুুনৰ সংস্থাপনৰ বাবে এইবাৰৰ বাজেটত ৯৮কোটি টকা ধাৰ্য কৰা হৈছে।
23. ভাৰতৰ বিভিন্ন চহৰ বা বিদেশত মৃত্যু হোৱা অসমৰ ব্যক্তিৰ মৃতদেহ সন্মানসহকাৰে ৰাজ্যখনলৈ অনাৰ বাবে এটা উৎসর্গীকৃত ব্যৱস্থা গঢ়ি তোলা হ'ব। এনে জটিল সময়ত দুৰ্ভগীয়া পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে মৃতকৰ শৰীৰ পৰিবহণৰ সমুদায় ব্যয় চৰকাৰে বহন কৰিব।
24. মুম্বাই আৰু দিল্লীত নতুন অসম ভৱন। নতুন দিল্লীৰ দ্বাৰকাত ৪০০০ বর্গমিটাৰ ভূমিত এটা নতুন অসম ভৱন (দিল্লীত চতুর্থটো) আৰু মুম্বাইৰ কটন গ্রীণত ৫৭৪৪ বর্গমিটাৰ ভূমিত আন এটা অসম ভৱন (মুম্বাই দ্বিতীয়টো) নিৰ্মাণৰ কথা মই ঘোষণা কৰিছোঁ।এই অসম ভৱনকেইটাত এটাকৈ নামঘৰ থাকিব, য'ত অসমৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব।
25. আমাৰ উদাসীন ভকতসকল সূত্র প্রতিষ্ঠানসমূহৰ এটা গুৰুত্বপূণ অংগ। সত্ৰৰ ভকতসকললৈ মই প্রতিমাহে ১,৫০০ টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ। প্ৰতিভাৱান যুৱক-যুৱতীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে আমি এই বছৰো সাংস্কৃতিক মহাসংগ্ৰামৰ পৰৱৰ্তী সংস্কৰণত সংগীতৰ বিভিন্ন শিতানত ৰাজ্যজুৰি প্ৰতিযোগিতা।
26. ইউনিটী মলঃ ইউনিটী মলৰ লক্ষ্য হৈছে অসমৰ ৩৫খন জিলা আৰু দেশৰ অন্যান্য ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক সামৰি 'এক জিলা এক উৎপাদিত সামগ্ৰী'ৰ ধাৰণাটোৰ বাবে এক মঞ্চ প্ৰদান কৰা। ইয়াত ভৌগোলিক সূচক (GI) টেগ থকা অসমৰ উৎপাদিত সামগ্রীসমূহো প্ৰদৰ্শন কৰা হ'ব।২৭৫ কোটি টকাৰ এই ইউনিটী মলটো এই বছৰতে সম্পূর্ণ হৈ উঠিব।
27. মিছন অলিম্পিক: ভৱিষ্যৎ প্রতিভাৱান খেলুৱৈসকলৰ বাবে শক্তিশালী বুনিয়াদ গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে গ্ৰণ কৰা পদক্ষেপৰ অংশ হিচাপে ৫০০ গৰাকী ল'ৰা-ছোৱালীক অলিম্পিককে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ প্রয়োজনীয় দক্ষতা, সম্পদ আৰু প্রশিক্ষণেৰে সাজু কৰি তোলা হ'ব।
28. এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ জৰিয়তে এক মাইলৰ খুঁটি সৃষ্টি কৰি ৫ লাখ কোটি টকাতকৈও অধিক বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰা হৈছে। এই বিনিয়োগসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ আধুনিক লজিষ্টিক শক্তি, পানী আৰু পৰিবহণ আন্তঃগাঁথনিৰ সুবিধাযুক্ত ঔদ্যোগিক মণ্ডল উন্নয়নৰ পৰিকল্পনা। এই পদক্ষেপসমূহৰ লগতে আন উদগনিমূলক ব্যৱস্থাক সমর্থন জনাবলৈ ক্ষেত্রভিত্তিক নির্দিষ্ট নীতি অনুসৰি অসম ঔদ্যোগিক গতিশীল পুঁজি নামৰ এটা উৎসর্গীকৃত পুঁজিৰ বাবে মই ২,০০০ কোটি টকাৰ প্ৰস্তাৱ।
29. মহাকাশলৈ অসমৰ নিজা খোজঃ কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কর্তৃত্ব প্রদান কেন্দ্র (IN-SPACE) ৰ সহযোগত জটিল আর্থ-সামাজিক প্রকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে আমি আমাৰ নিজা কৃত্রিম উপগ্রহ ASSAMSAT (আছামছাট) স্থাপন কৰিব । এই ব্যৱস্থাই কৃষি, দুর্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসর্গীকৃত সেৱা যোগানত সহায় কৰিব। ইনস্পেচ (INSPACE) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক পৰীক্ষামূলক কৃত্রিম উপগৃহ নির্মাণ কার্যত জড়িত কৰি আমি তেওঁলোকৰ কল্পনা শক্তিক উজ্জীবিত কৰিব পাৰিম।
30. এচীয় উন্নয়নী বেংকৰ বিত্তীয় সাহায্যৰে জাগীৰোড আৰু পলাশবাৰীত এক বৃহত টাউনশ্বীপ প্ৰকল্পৰ নিৰ্মাণৰ প্ৰস্তাৱ এই বাজেটত। ইয়াৰ বাবে ৮০০০হাজাৰ কোটি টকাৰ এক প্ৰকল্প ৰূপায়নৰ চিন্তা কৰা হৈছে।
31. ৰাজ্যত ঔদ্যোগিক ভূমি বেংক গঢ়ি তোলাৰ কথা ঘোষণা বাজেটত। ৩,১০০একৰ আবন্টনযোগ্য ভূমিসহ ৬,৫০০ এক ঔদ্যোগিক ভূমি আছে। এই সকলোবোৰক লৈ ১১, ৬৬০ একৰ ভূমি উন্নয়ন সাধন কৰাৰ লক্ষ্য।
32. অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ বাবে ২০২৫-২৬বৰ্ষৰ বাজেটত ২০০০ কোটিতকৈ অধিক টকাৰ আৱন্টন।
33. মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এককালীন সাহায্যৰ পৰিমাণ ৪লাখৰ পৰা ৫লাখলৈ বৃদ্ধি। বন্য জন্তুৰ উপদ্ৰৱত ফলত শস্য নষ্ট হলে ইয়াৰ ক্ষতিপূৰণ ৭,৫০০টকাৰ পৰা ৮,০০০টকালৈ বৃদ্ধি।
34. কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনা হব। ইয়াৰ বাবে ২০কোটি টকা ধাৰ্য কৰিছে বাজেটত।
35. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বাৰ্ষিক কিস্তিত ১০০কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা বাজেটত।
36. ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্ছিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত ডিপ্লমা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীতকৰণ সিদ্ধান্ত।
37. অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ। ৩৫খন জিলাত ৭০০কোটি টকাৰ ভিতৰত ১২খন জিলাৰ বাবে ২৪০কোটি টকা এই বাজেটত আৱন্টন।
38. ৰাজ্যখনৰ জিকিৰ আৰু জাৰীসমূহ থলুৱা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই এই গুৰু দায়িত্ব বহন কৰিব।
39. জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলৰ প্ৰাদেশীকৰণৰ সিদ্ধান্ত। জ্যোতি চিত্ৰবন সমাজৰ উন্নীত কৰণৰ বাবে ৪জনীয়া সমিতি গঠন।
40. মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ গৱেষণামূলক কাম কাজৰ বাবে ৫০কোটি টকাৰ আৱন্টনৰ ঘোষণা বাজেটত।
41. কোচবিহাৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ৫০কোটি টকীয়া প্ৰকল্প গ্ৰহণ। এই সত্ৰখনক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব।
42. ২০২৫বৰ্ষৰ ১৪এপ্ৰিলৰ পৰা অসম চৰকাৰৰ সকলো চৰকাৰী নিৰ্দেশ অসমীয়া অনুবাদ বাধ্যতামূলক।
43. ২০২৫-২৬বৰ্ষৰ বাজেটত অসমত অৰণোদয় আচঁনিৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.০২লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত।এই আঁচনিখনৰ বাবে ৫হাজাৰ কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰা হৈছে।
44. মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২লাখ আত্মসহায়ক গোটক সামৰি লোৱা কথা ঘোষণা। সকলোকে প্ৰদান কৰা হব ১০হাজাৰকৈ টকা। এই আচঁনিৰ বাবে ৩,০৩৮কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত।
45. নিযুত মইনা আচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪.৩লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত। এই আচঁনিৰ বাবে ৩৯১কোটি টকা আৱন্টন।
46. ১জানুৱাৰী, ২০০৬ৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই বাজেটত।
47. স্নাতক মহলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আচঁনিৰ বাবে ২৫কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা।
48. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬বিত্তীয় বৰ্ষত ৭৭৩কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা এই বাজেটত।
49. ৰাজ্যত ১লাখ নিযুক্তি প্ৰদানৰ কাৰ্যসূচী ১লাখৰ সীমা পাৰ হৈ ১লাখ ৬০হাজাৰ ৫৯৪গৰাকীক নিযুক্তি দিয়াৰ দিশে অসম চৰকাৰ। এই সন্দৰ্ভত সবিস্তাৰে বাজেটত উল্লেখ।
50. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আৱন্টন।
51. চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২কোটি টকাৰ আৱন্টন কৰিছে অসম চৰকাৰে।
52. শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা ১হাজাৰ যুৱ লেখকলৈ ২৫হাজাৰ টকাৰ আৰ্থিক সাহায্য। কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১হাজাৰ টকাকৈ এককালীন অনুদান।
53. অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে এই বাজেটত ধাৰ্য কৰা হৈছে ৪২০কোটি টকা। ২০২৫ৰ ৩১মাৰ্চৰ পূৰ্বে ইয়াৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰাৰ কথা ঘোষণা।
54. প্ৰতি মাহত ১২০ ইউনিট বিদ্যুত খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতিটো ইউনিটত ১টাকৈ হ্ৰাস পাব। ইয়াৰ বাবে ৩০০কোটি টকাৰ ৰাজ সাহায্য ঘোষণা এই বাজেটত।
55. মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০লাখকৈ টকা প্ৰদান কৰা হব। ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০টকা চৰকাৰী সাহায্য প্ৰদান কৰা হব।
56. এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫কিলোমিটাৰ পথ নিৰ্মাণ কৰা হব। শিলচৰত এখন উৰণ সেতু। ডিব্ৰুগড়ত নিৰ্মাণ কৰা হব বিধায়কৰ হোষ্টেল। দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হব ডিব্ৰুগড়ক।
57. দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিতসা মহাবিদ্যালয়। ৰং মহলত নিৰ্মাণ কৰা হব নতুন উচ্চ ন্যায়ালয়ৰ ভ্ৰমণ। ইয়াৰ বাবে ৪০৫কোটি টকা ধাৰ্য।
58. অসম বিশ্ববিদ্যালয়, শিলচৰৰ মূল চৌহদত আৰু তেজপুৰ বিশ্ববিদ্যালয়ত ক্ৰমে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁঞিবৰুৱাৰ নামত অসমীয়া ভাষা মুকলি।
59. ২০২৫ৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক।
60. ভাৰতৰ প্ৰথম বাঁহ স্মার্ট চিটিঃ বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাৰ প্ৰদৰ্শনেৰে আমি ভাৰতৰ প্ৰথমখন বাঁহ স্মার্ট চিটি স্থাপনৰ চিন্তা-চৰ্চা। সেউজ নির্মাণ আৰু উদ্ভাৱনক উৎসাহিত কৰি সকলো ভৱিষ্যতৰ চৰকাৰী গৃহ নির্মাণত বাঁহ-নিৰ্ভৰ সামগ্ৰীৰ ব্যৱহাৰত অগ্রাধিকাৰ দিয়া হ'ব। এই পদক্ষেপে অসমৰ বাঁহ উদ্যোগক উৎসাহিত কৰিব, চাকৰি সৃষ্টি আৰু বহনক্ষম স্থাপত্যৰ অগ্রগামী হিচাপে ৰাজ্যখনক প্ৰতিষ্ঠা কৰিব।