বাজেট অধিবেশন : কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

ইতিহাস সৃষ্টি কৰি অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

কোকৰাঝাৰত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ইতিহাস সৃষ্টি কৰি অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হ'ব। ইতিমধ্যে অধিবেশনক লৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু কোকৰাঝাৰত ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য আৰু অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত হৈছে।

Advertisment

তদুপৰি আজি নিশা প্ৰায় ১২:৩০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কোকৰাঝাৰত উপস্থিত হ'ব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । পোন প্ৰথমবাৰৰ বাবে ৰাজধানীৰ পৰিৱৰ্তে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হোৱাত কোকৰাঝাৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

কাইলৈৰ কাৰ্যসূচী অনুসৰি বাজেট অধিবেশন আৰম্ভ হ’ব ৰাজ্যপাল লক্ষ্মণ আচাৰ্য্যৰ অভিভাষণেৰে ৷ ৰাজ্যপালৰ ভাষণৰ এঘণ্টা ত্ৰিছ মিনিট পাছত পুনৰ সদনৰ বৈঠক আৰম্ভ হ’ব ৷ পুনৰ সদন আৰম্ভ হোৱাত বিধানসভাৰ সকলো সদস্যৰ হাতত তুলি দিয়া হ’ব ৰাজ্যপালৰ ভাষণৰ ছপা কপি ৷

তাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ দুখন প্ৰতিবেদন সদনত দাখিল কৰিব ৷ বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে প্ৰতিবেদন ঘোষণা কৰিব ৷ 

আনহাতে বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ মঞ্জুৰীৰ পৰিপূৰক দাবী তথা বিনিয়োজন উপস্থাপন কৰিব ৷ তাৰ পিছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগ শিতানত সদনত এক বিশেষ আলোচনা আৰম্ভ হ’ব ৷

‘অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্ৰিক উন্নয়ন’ শীৰ্ষক বিষয়ক লৈ অনুষ্ঠিত হ’বলগীয়া আলোচনা আৰম্ভ কৰিব বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদ প্ৰস্তাৱ উত্থাপন কৰিব বিধায়ক ৰূপক শৰ্মাই আৰু সমৰ্থন কৰিব বিধায়ক তেৰছ গোৱালাই ৷

বাজেট অধিবেশন