Advertisment

বাজেট ২০২৫ : ১০ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ বাবে নাথাকিব কৰ !

আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট। এইখন বাজেট হ’ব নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট...

author-image
Asomiya Pratidin
New Update
বাজে

ডিজিটেল ডেস্ক : আৰু মাত্ৰ কেইদিনমানৰ ভিতৰতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সাধাৰণ বাজেট। জানিব পৰা মতে অহা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বাজেট প্ৰস্তাৱ সংসদত দাখিল কৰিব। 

Advertisment

উল্লেখযোগ্য যে এইখন বাজেট হ’ব নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। এই বাজেটক লৈ এতিয়াৰে পৰা পৰা দেশৰ কৰদাতাসকলৰ মাজত বেচ চৰ্চিত হৈছে।

বাজেটক লৈ কৰিছে বহু আশা। কিয়নো দেশৰ কৰদাতাসকলে দীৰ্ঘদিন ধৰি কৰমুক্ত আয় বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে। সেয়েহে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটখন তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

বিজেনেছ ষ্টেণ্ডাৰ্ছে কৰা পূৰ্বনুমান অনুসৰি কৰদাতাসকলৰ দীৰ্ঘদিনীয়া দাবী এইবাৰ পূৰণ কৰিব পাৰে বিত্ত মন্ত্ৰালয়ে। তাৰোপৰি ১০ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ বাবে কোনো কৰ দিব নালাগে বুলি সংস্থাটোৱে এক প্ৰতিবেদনত উল্লেখ কৰিছে।

ইফালে ১৫ ৰ পৰা ২৫ লাখৰ ভিতৰৰ আয়ৰ বাবে ২৫ শতাংশ শ্লেৱ প্ৰৱৰ্তন কৰাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰে বিজনেছ ষ্টেণ্ডাৰ্ছে। যদিহে এই দুয়োটা আয়কৰ ৰেহাই প্ৰৱৰ্তন কৰা হয় তেন্তে কেন্দ্ৰীয় চৰকাৰে ৫০ হাজাৰ কোটিৰ পৰা ১লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে দেশৰ কৰদাতাসকলে আগন্তুক সাধাৰণ বাজেটত বাৰ্ষিক কৰমুক্ত আয়ৰ সীমা ১০ লাখ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাইছিল।

nirmala sitaraman 2024 budgets