/asomiyapratidin/media/media_files/2025/02/01/KRENFIy452aG1m7cdGDU.jpg)
বাজেটক লৈ প্ৰতিক্ৰিয়া Photograph: (বাজেটক লৈ প্ৰতিক্ৰিয়া)
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা দেশৰ সাধাৰণ বাজেটৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। বাজেটক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত কয় এনেদৰে-
আজিৰ কেন্দ্ৰীয় বাজেটখনত নতুনত্ব বুলিবলৈ একো নাই৷ এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট৷ বাজেটখনত ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্টৰূপত প্ৰকট হৈ পৰিছে৷ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই৷ কৃষক আৰু নিম্ন মধ্যবিত্তৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই বাজেটে৷
দেশৰ ১৪০ কোটি জনগণৰ ৮০ কোটি জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে৷ অৰ্থাৎ, দেশত দৰিদ্ৰতা এইটো স্তৰত আছে৷ এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনোধৰণৰ আশা কঢ়িয়াব নোৱাৰিলে৷
ঋণৰ বোজাত দেশবাসীয়ে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তাৰ মাজতেই এই বাজেটৰ জৰিয়তে কেৱল মাত্ৰ চমক সৃষ্টিৰ চেষ্টা চলাইছে কেন্দ্ৰই৷ উৎপাদনমুখী বাজেট এখন আশা কৰিছিল দেশবাসীয়ে৷ কিন্তু, সেয়া পোৱা নগ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাথাকিল আজিৰ বাজেটত৷
সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ'ল বাজেটত৷ দৰিদ্ৰ, মধ্যবিত্তৰ জীৱনধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লিখন নাথাকিল এই বাজেটত৷ কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ প্ৰস্তুত কৰা হৈছে এই বাজেট৷
দেশৰ মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনোধৰণৰ সুস্পষ্ট, বিজ্ঞানসন্মত নীতি নাই - এই বাজেটেই সেয়া প্ৰমাণ কৰিলে৷ সামগ্ৰিকভাৱে আজিৰ বাজেট পুৰণি কথাৰেই চৰ্বিত-চৰ্বণ৷