/asomiyapratidin/media/media_files/2025/01/31/1ivIGiNdLIUgUGiQlyGL.jpg)
ডিজিটেল ডেস্কঃ সংসদত সাধাৰণ বাজেট দাখিল কৰাৰ এদিন পূৰ্বে ৩১ জানুৱাৰীৰ পৰা বাজেট অধিবেশন আৰম্ভ হৈছে। ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ হয় অধিবেশনখন। মহাকুম্ভৰ মৌনি আমাৱস্যাৰ দিনা সংঘটিত হোৱা দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই।
সংসদৰ যৌথ বৈঠকত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 'এম এছ এম ই, মহিলা সবলীকৰণৰ প্ৰসাৰণ, মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ লগতে চৰকাৰী আঁচনিৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকসকলক সৱলীকৰণ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
বাজেট অধিৱেশনৰ প্ৰথম দিনাই আজি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন দাখিল কৰিব। অৰ্থনৈতিক জৰীপৰ অধীনত পূৰ্বৰ বিত্তীয় বৰ্ষৰ সবিশেষ দিয়া হৈছে। বাজেট অধিৱেশনৰ প্ৰথম দিনটোত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত দিনৰ ১২ বজাত বিত্তমন্ত্ৰীয়ে অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদন দাখিল কৰিব।
শনিবাৰে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। এই সময়ছোৱাত ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ লগতে খৰচ আৰু কৰ্মসংস্থাপন বৃদ্ধিৰ ওপৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিব। উল্লেখযোগ্য যে, ১৩ ফেব্ৰুৱাৰীত প্ৰথম খণ্ড,১০ মাৰ্চৰ পৰা দ্বিতীয় খণ্ড আৰু ৪ এপ্ৰিলত এই অধিবেশন সমাপ্ত হ’ব।