/asomiyapratidin/media/media_files/2025/03/10/AGywKSEvmf94b3nALoCG.jpg)
ডিজিটেল ডেস্কঃ আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওঁগে ২০২৫-২৬বৰ্ষৰ প্ৰায় ডেৰ লাখ কোটি টকাৰ বাজেট দাখিলৰ সম্ভাৱনা আছে। ২০২৬ৰ পূৰ্বে নিৰ্বাচনমুখী হোৱা পূৰ্ণ সম্ভাৱনা আছে অসমৰ এই পূৰ্ণাংগ বাজেটখন। লক্ষ্যণীয় যে, ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন হৈছে অন্তিমখন পূৰ্ণাংগ বাজেট।
বিত্তমন্ত্ৰী অজন্তা নেওঁগে শেষৰখন পূৰ্ণাংগ বাজেটৰ জৰিয়তে ভোটাৰক আকৰ্ষণৰ বাবে মহিলা, যুৱক, হিতাধিকাৰী, কৃষক আৰু দুখীয়া লোকৰ কল্যাণৰ বাবে পুঁজি বৃদ্ধি প্ৰস্তাৱ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে এক সূত্ৰৰ খবৰ অনুসৰি, ২০২৫-২৬বিত্তীয় বৰ্ষত প্ৰায় ৬০০-৭০০কোটি টকা ঘাটিৰে ১,৫৩,৮৪৪কোটিৰ বাজেট দাখিলৰ প্ৰস্তুতি চলাইছে বিত্তীয় বিভাগে।