/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-22-44-14.jpg)
ডিজিটেল সংবাদ,লখিমপুৰঃ ভাল খবৰ! প্ৰতিদিন টাইমৰ উত্তৰ অসমৰ ব্যুৰ বুবুল হাজৰিকালৈ জন কণ্ঠ, অসম বঁটা। এই বঁটা আগবঢ়াইছে অসম ভীম সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ আজি ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত শ্ৰী হাজৰিকাক লখিমপুৰত এই বঁটা প্ৰদান কৰে ৷
উল্লেখযোগ্য যে, প্ৰতিবছৰে একো গৰাকী সাংবাদিকক ভীম সেনা ,অসমে এই বঁটা প্ৰদান কৰি আহিছে ৷
অনুসূচীত জাতি আৰু জনজাতি লোকৰ অনগ্ৰসৰতা আৰু আৰ্থসামাজিক উন্নয়নক আলোকপাত কৰি আগবঢ়োৱা সাংবাদিকতাৰ বাবে এই বঁটা প্ৰদান কৰে সংগঠনটোৱে ৷