বি টি চি প্ৰশাসনৰ ২৫ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা...

কালী পূজা আৰু দেৱালী উপলক্ষে বি টি আৰ অঞ্চলত স্থানীয় বন্ধ ঘোষণা
প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বি টি চি প্ৰশাসনে অহা ২৫ অক্টোবৰত কালী পূজা আৰু দেৱালী উপলক্ষে বি টি আৰ অঞ্চলত স্থানীয় বন্ধ ঘোষণা কৰিছে । শুকুৰবাৰে বি টি চিৰ প্ৰধান সচিবৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশনা পত্ৰ নং বিটিচি/ জিএডি/ ১৪৮/২০০৯/৮ মৰ্মে দেৱালী আৰু কালী পূজা উপলক্ষে অহা ২৫ অক্টোবৰত বি টি আৰৰ ৫ খন জিলা ক্ৰমে কোকৰাঝাৰ , চিৰাং , বাকছা , ওদালগুৰী আৰু তামোলপুৰ জিলা উপায়ুক্ত , মহকুমাধিপতিৰ কাৰ্যালয়কে ধৰি বি টি চিৰ অধীনৰ সকলো শিক্ষানুষ্ঠান , চৰকাৰী আৰু অৰ্ধ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in