/asomiyapratidin/media/media_files/2025/06/14/CbcknFj9aZDvHY306uSO.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ সমাগত বিটিআৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত কুজকাৱাজ চলি থকাৰ মাজতে আজি সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত ওদালগুৰি আৱৰ্ত্ত ভৱনত এখনি সংবাদমেল সম্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে।
সংবাদমেলখনত বড়োৱে বিটিআৰ অঞ্চলত আগন্তুক দিনত প্ৰায় ১৭৫ কোটি টকা ব্যয়ৰে ২৬০ টা বিভিন্ন আচনি ৰূপায়ন হব বুলি ঘোষণা কৰে। ইয়াৰে ভিতৰত কোকৰাঝাৰ জিলাত ৫৩ খন আচনিৰ বিপৰীতে প্ৰায় ১১৬ কোটি ৩০ লাখ, চিৰাং জিলাৰ ৩৬ খন আচনিৰ বিপৰীতে ৫১ কোটি ৬২ লাখ, বাক্সা জিলাৰ ২২ খন আচনিৰ বিপৰীতে ২৮ কোটি ৫১ লাখ, তামুলপুৰ জিলাৰ ২৭ খন আচনিৰ বিপৰীতে ২৩ কোটি ১৬ লাখ আৰু ওদালগুৰি জিলাৰ বাৱে ৩৭ খন আচনিৰ বিপৰীতে ৩৯ কোটি ৮৪ লাখ টকাৰ প্ৰদানৰ কথা ঘোষণা কৰে। এইসমূহ আচনিৰ ভিতৰত আছে কৃষি কাৰিকৰী প্ৰতষ্ঠান, অডিটৰিয়াম, ক্ৰীড়া প্ৰকল্প, ষ্টেডিয়াম ইত্যাদিৰ লগতে বিভিন্ন আন্তঃগাঠনি উন্নয়ণমূলক আচনি।
লগতে বড়োৱে ৰাজ্য চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। সংবাদমেলখনৰ মাজতে বড়োৱে বিপিএফক কটাক্ষ কৰি কয়, "বিগত ১৭ বছৰে বিপিএফে একো কৰিব নোৱাৰিলে। ১৭ বছৰত বিটিআৰত শান্তি আনিব পৰা নাছিল। কিন্তু আমাৰ চৰকাৰে চাৰে চাৰি বছৰত অঞ্চলটোলৈ শান্তি আনিছে। এইখিনি সময়ৰ ভিতৰতে বিপিএফে কৰিব নোৱাৰা কাম ইউপিপিএল নেতৃত্বাধীন চৰকাৰখনে কৰা কামসমূহ দেখি বিপিএফে লাজ পাইছে। ফলত তেওঁলোকে উল্টা পাল্টা কৰিব বিচাৰিছে।
বি পি এফ চৰকাৰৰ দিনত ই এম সকলে থকা কোৱাৰ্টাৰেই কৰিব নোৱাৰিলে। বেলেগ কি কৰিব। সেই হিচাপে আমি বহু কাম কৰিছো। মূল কামটোৱে হল শান্তি। বি পি এফে শাসন কৰা সময়ত দিশপুৰ আৰু দিল্লীতো মিত্ৰ দলৰ চৰকাৰ আছিল। কিন্তু শান্তি স্থাপন কৰিব পৰা নাছিল।" এতিয়া তেওঁলোকে আকাশত চাং পাতিছে বুলিও সমালোচনা কৰে প্ৰমোদ বড়োৱে। আজিৰ সংবাদমেলত ইএম ড° নিলোৎ স্বৰ্গীয়াৰীৰ লগতে ইউপিপিএল নেতা ভ্ৰমণ বাগলাৰীও উপস্থিত থাকে।