/asomiyapratidin/media/media_files/2025/05/28/bUTFya8AJ6DtvD6iljQy.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ, মুছলপুৰ : বিটিচিৰ নিৰ্বাচন অহা ছেপ্তেম্বৰ মাহত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়াৰ পিছতেই বিটিআৰৰ ৰাজনৈতিক নেতা-কৰ্মীসকলে নিজৰ প্ৰাৰ্থীক বিজয় কৰি আনিবলৈ গাঁৱৰ ভোটাৰ ৰাইজৰ মাজত কাষ চাপোৱাৰ পৰিলক্ষিত হৈছে । সাম্প্ৰতি বিটিআৰত সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে ।
সংখ্যাগৰিষ্ঠ আসন লাভৰ লক্ষ্য ৰাখি আগবাঢ়িছে প্ৰতিটো ৰাজনৈতিক দল । বিগ ব্ৰাডাৰ হিচাপে চলিত বৰ্ষলৈ ইউপিপিএল দলৰ সৈতে মিত্ৰতা অক্ষুণ্ণ ৰখা বিজেপি দলে আগন্তুক নিৰ্বাচনত নাৰাখে কোনো দলৰ লগতে কোনো ধৰণৰ প্ৰাক নিৰ্বাচনী মিত্ৰতা ।
সেইদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি থাকিলেও মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত আজিলৈ হোৱাগৈ নাই । তেনে ক্ষেত্ৰত বিটিআৰত তিনিটা প্ৰধান ৰাজনৈতিক দল বিজেপি, ইউপিপিএল আৰু বিপিএফে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত ।
আনফালে নতুনকৈ গঠিত অঞ্জলি দৈমাৰীৰ এপিবি দল আৰু নৱ কুমাৰ শৰণীয়াৰ জিএছপি দলেও প্ৰক্ষেপ কৰিব পৰা নিজা প্ৰাৰ্থী । কিন্তু এতিয়ালৈ এপিবি আৰু জিএছপিয়ে বিটিআৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই ।
আন আন দল- সংগঠনেও পূৰ্বতে নিৰ্দিষ্ট কিছুমান সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ দিছিল যদিও এতিয়ালৈ বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা নাই । সম্প্ৰতি প্ৰতিটো সমষ্টিৰ দৰে ৰাজনৈতিক বতাহ বলিছে বাক্সা জিলাৰ অন্তৰ্গত ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিতো ।
বাক্সা জিলাৰ সদৰ মুছলপুৰক সাঙুৰি লোৱা এই সমষ্টিটো ইতিমধ্যে বিটিচিৰ এক উল্লেখযোগ্য সমষ্টি হিচাপে বিবেচিত হৈছে । ২০০৫ চনৰ পৰিষদীয় নিৰ্বাচনৰ পৰা একেৰাহে তিনিবাৰকৈ এই সমষ্টিটো বিপিএফ দলে দখল কৰিছিল ।
এই সমষ্টিটোৰ পৰা কাৰ্যবাহী সদস্যৰ পদো লাভ কৰিছিল হিতেশ বসুমতাৰী আৰু অনচুমৈ খুংগুৰ বড়োৱে । কিন্তু ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত অনচুমৈ খুংগুৰ বড়োক হৰুৱাই ইউপিপিএলৰ ৰাকেশ ব্ৰহ্মই সমষ্টিটো দখল কৰে ।
ইফালে সেই বৰ্ষতে বিজেপিৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন হয় আৰু কাৰ্যবাহী সদস্য পদ লাভ কৰে ৰাকেশ ব্ৰহ্মই । উল্লেখ্য যে ২০২০ চনৰ পৰিষদীয় নিৰ্বাচনত মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল ।
প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিৱৰ্তে বিজেপিয়ে ইউপিপিএলক ভিতৰুৱা সমৰ্থন আগবঢ়াইছিল । এইক্ষেত্ৰত সেই বছৰৰ নিৰ্বাচনত ইউপিপিএলৰ ৰাকেশ ব্ৰহ্ম জয়ী হোৱাৰ ক্ষেত্ৰত বিজেপিৰ যে অৰিহণা আছিল সেই কথা কোনেও নুই কৰিব নোৱাৰি । অৱশ্যে এইবাৰৰ পৰিৱেশ সলনি হৈছে ।
বিজেপিয়ে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে । তেনেকুৱাই হ'লে মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থকাটো নিশ্চিত । অৱশ্যে বহুকেইগৰাকী টিকট প্ৰত্যাশীও আছে মুছলপুৰত । তাৰ ভিতৰত বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি ডা০ সুৰেশ স্বৰ্গীয়াৰী, কাৰ্যনিৰ্বাহক সদস্য মনীন বড়ো, মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকা অন্যতম ।
সমষ্টিটোৰ ৰাইজেও কিন্তু যোৱা নিৰ্বাচনতে মত প্ৰকাশ কৰি কৈছিল যে, পৰোক্ষভাৱে ইউপিপিএলক ভোট প্ৰদানৰ জৰিয়তে বিজেপিক সমৰ্থন আগবঢ়োৱাতকৈ প্ৰত্যক্ষভাৱে বিজেপিক সমৰ্থন আগবঢ়োৱাটোৱে শ্ৰেয় । যদি সেই মততে গৰিষ্ঠসংখ্যক ভোটাৰ অটল থাকে তেন্তে বিজেপিৰ জয় নিশ্চিত । কিন্তু সমষ্টিটোৰ ক্ষেত্ৰত জনগোষ্ঠীয়, জাতিগত আৰু ভাষিক যুঁজখন মন কৰিবলগীয়া ।
অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোত পূৰ্বে নিৰ্বাচিত পাৰিষদ সকল আছিল বড়ো মূলৰ । সেই একেই ধাৰাবাহিকতা যদি ভোটাৰ ৰাইজে অক্ষুণ্ণ ৰাখে তেন্তে ২০২৫ চনত সমষ্টিটোৰ পৰা নিৰ্বাচিত হ'বলগীয়া গৰাকী বড়ো মূলৰ হোৱাটো স্বাভাৱিক ।
এইক্ষেত্ৰত সম অধিকাৰ, সম উন্নয়ন, সম বিকাশৰ কথা কোৱা বিজেপিয়ে সমষ্টিটো নিজৰ হাতলৈ আনিবলৈ কি নীতি অৱলম্বন কৰিব সেয়া সময়ে ক'ব । স্মৰ্তব্য যে সমষ্টিটোত বড়ো ভোটাৰেই কিন্তু সৰ্বাধিক । লগতে বৰ্তমানৰ এগৰাকী জনপ্ৰিয় কাৰ্যবাহী সদস্য হিচাপে বিবেচিত ৰাকেশ ব্ৰহ্মৰ বিপৰীতে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ হ'লে বিজেপিৰ প্ৰাৰ্থীজন শক্তিশালী হোৱাটো নিতান্তই প্ৰয়োজনীয় ।
যদি লোহাৰে লোহাক কটা নীতিত বিজেপি আগবাঢ়ে তেন্তে প্ৰাৰ্থী গৰাকী বড়ো মূলৰ হ'ব লাগিব । ইফালে তিনিটা শাসনকাল বিপিএফক আৰু এটা শাসনকাল বিজেপি-ইউপিপিএল মিত্ৰজোঁটক দিয়া ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভোটাৰ ৰাইজে এইবাৰ বিজেপিকে আগস্থান দিব বুলি চলা চৰ্চা কিমানদূৰ সত্য প্ৰমাণিত হ'ব সেয়াও হ'ব পৰবৰ্তী সময়ত লক্ষণীয় ।
সকলো দিশ সামৰি মুছলপুৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচন কেন্দ্ৰিক বতাহত বড়ো সকলৰ আধিপত্য দেখিবলৈ পোৱা গৈছে । আনহে নালাগে বিটিচিৰ শাসনৰ বাঘজৰীডাল যদি বিজেপিয়ে অকলে লাভ কৰে তেতিয়াও অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিষ্ঠিত হোৱাৰ আশংকাই সৰ্বাধিক ।
উল্লেখ্য যে বিটিচি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ আগৰ ৰাজনৈতিক উদ্যম ৰাইজৰ মাজত কমি অহা লক্ষ্য ৰাখি বিপিএফৰ অনসুমৈ খুংগুৰ বড়োই মুছলপুৰ পৰিষদীয় সমষ্টিত যেনে তেনে বিজয়ৰ মালা পিন্ধিবলৈ দিনে নিশাই সমষ্টি বাসী ৰাইজৰ ওচৰত যোৱা পৰিলক্ষিত হৈছে ।