কোনে খুলি পেলালে বিজেপিৰ পতাকা ?

বিটিআৰত নতুনকৈ অন্তৰ্ভূক্ত হোৱা বিশ্বনাথ জিলাৰ চতিয়াৰ নগদাত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিৰ পতাকা কোনো দুষ্কৃতিকাৰীয়ে খুলি পেলোৱাৰ অভিযোগ উঠিছে। 

author-image
Asomiya Pratidin
New Update
gfgfgf

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে বড়োভূমিৰ ৰাজনীতি। বিটিআৰত নতুনকৈ অন্তৰ্ভূক্ত হোৱা বিশ্বনাথ জিলাৰ চতিয়াৰ নগদাত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিৰ পতাকা কোনো দুষ্কৃতিকাৰীয়ে খুলি পেলোৱাৰ অভিযোগ উঠিছে। 

WhatsApp Image 2025-08-24 at 12.47.31 PM

বিজেপি কৰ্মীৰ অভিযোগ অনুসৰি পথৰ ওপৰত আৰি থোৱা বিজেপিৰ পতাকা নিশা কোনো দুষ্কৃতিকাৰীয়ে খুলি পেলায়। বিটিআৰ এলেকাত বিজেপিৰ উত্থানত শংকিত হৈ এইদৰে দুষ্কৃতিকাৰীয়ে বিজেপি দলৰ পতাকা খুলি পেলোৱা বুলি মত ব্যক্ত কৰিছে বিজেপি কৰ্মীয়ে।

Capture

জামুগুৰিহাট