/asomiyapratidin/media/media_files/2025/06/26/gsdgdfd-2025-06-26-17-54-54.jpg)
ডিজিটেল ডেস্কঃ বিটিআৰ চুক্তি কাৰ্য্যকৰীকৰণ সন্দৰ্ভত বৃহস্পতিবাৰে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু স্বাক্ষৰকাৰী ক্ৰমে নিখিল বড়ো ছাত্ৰ সন্থা, প্ৰাক্তন এনডিএফবি আৰু ইউবিপিওৰ প্ৰতিনিধিৰ সৈতে নতুন দিল্লীৰ নৰ্থ ব্লকত থকা ১১৮ নং কোঠাত আলোচনা অনুষ্ঠিত হয়। চুক্তিৰ বাকী থকা দফাবোৰ সন্দৰ্ভতো আজিৰ বৈঠক আলোচনা হয়।
আলোচনাত বিটিআৰ চুক্তিৰ দফা নং ৩.১, ৪.৩, ৫.১, ৫.৩, ৬.১,৬.৩, ৮.৪, ৯.২, ৯.৪ আৰু ১০.২ ৰ ওপৰত আলোচনাত ঘাইকৈ ঠাই পায়। এই আলোচনাত ভাৰত চৰকাৰৰ হৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব নিৰাজ কুমাৰ বানসুদ, অসম চৰকাৰৰ এডিজিপি হীৰেন চন্দ্ৰ নাথ আৰু বিটিচিৰ Principal Secretary আকাশ দ্বীপ আদিয়ে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/26/whatsapp-image-2025-06-26-17-55-38.jpeg)
নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা সভাপতি দ্বীপেন বড়ো, উপ সভাপতি খোৰোমদাও ওৱাৰী, উমেশ দৈমাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম আৰু অধ্যক্ষ অবিত নাৰ্জাৰী আদিয়েও এই আলোচনাত কৰে অংশগ্ৰহণ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/26/whatsapp-2025-06-26-17-56-14.jpeg)
একেদৰে প্ৰাক্তন এনডিএফবি ৱেলফেয়াৰ এছোচিয়েচনৰ সাধাৰণ সম্পাদক দানসোৰাং নাৰ্জাৰী, বিলিৰথি ৱাৰী, ইউবিপিওৰ সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম আৰু সহকাৰী সাধাৰণ সম্পাদক সনি বড়ো আদিও ভাগ লয় এই আলোচনাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us