বিজেপি বাদ! বিটিচিৰ নিৰ্বাচনত সকলো সমষ্টিতে প্ৰাৰ্থী দিব ইউপিপিএল দলে...

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ইউপিপিএল হিচাপে আমি মুঠেই চিন্তিত নহয় কাৰণ ইউপিপিএল দল বৰ্তমান সময়ত এক শক্তিশালী স্থিতিত অৱস্থান কৰি আছে ।

author-image
Asomiya Pratidin
New Update
803626c1-dfdd-442c-bd71-b615375cc5d3

ডিজিটেল সংবাদ, চিৰাংঃ  আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ ইউপিপিএল হিচাপে আমি মুঠেই চিন্তিত নহয় কাৰণ ইউপিপিএল দল বৰ্তমান সময়ত এক শক্তিশালী স্থিতিত অৱস্থান কৰি আছে । অনাগত বিটিচি পৰিষদীয় নিৰ্বাচনত দলৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে ৪০ টা পৰিষদীয় সমষ্টিতে একক ভাবে প্ৰতিদ্বন্দিতা কৰিব আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰি ইউপিপিএল দলেই বিটিচিত পৰবৰ্তী চৰকাৰ গঠন কৰিব বুলি দাবী কৰি মন্তব্য কৰে ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰীয়ে।

Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ২৫ টা পৰিষদীয় সমষ্টিত বিজেপি দলে একক ভাবে নিৰ্বাচনত অৱতীৰ্ণ হব আৰু নিৰ্বাচনত ইউপিপিএল দলক আক্ৰমন নকৰাকৈ নিৰ্বাচন খেলিব বুলি কৰা মন্তব্য সন্দৰ্ভত ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে বিজেপি দলে ২৫ টা সমষ্টিত কিয় পাৰিলে ৪০ টা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰক ইয়াত আমাৰ একো কবলগীয়া নাই কাৰণ বিজেপি হৈছে এটা ৰাষ্ট্ৰীয় দল। তেওঁলোকে তেওঁলোকৰ নীতি আদৰ্শ লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব আৰু আমাৰ দলৰ নীতি আদৰ্শ লৈ যুঁজত অৱতীৰ্ণ হব। কেবল বিজেপি, ইউপিপিএল কিয় বিপিএফ, কংগ্ৰেছ দলেও অংশগ্ৰহণ কৰিব ।

এইটো ঠিক যে বিটিআৰ এলেকাত আমাৰ চৰকাৰে এটা সুস্থ গণতান্ত্ৰিক পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে । যিটো পৰিৱেশত কেৱল ইউপিপিএল দল নহয় কংগ্ৰেছ, বিজেপি, বিপিএফ আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থী নিক্ষেপ কৰিব পাৰিব।  আমিও আশা কৰো প্ৰতিটো ৰাজনৈতিক দলে ৪০ টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক আৰু এটা সুস্থ গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হওঁক ।

ইপিনে ইউপিপিএল দলক ৰাইজে কিয় ভোট দিব এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত ৰৌণগৌৰা নাৰ্জাৰীয়ে যে অন্যান্য ৰাজনৈতিক আঞ্চলিক দলৰ তুলনাত ইউপিপিএল এটা পূৰ্ণাঙ্গ পৰ্যায়ৰ আঞ্চলিক দলো নহয় কাৰণ ইউপিপিএল দল বিটিআৰৰ এটা নিদিষ্ট পৰিসীমাৰ ভিতৰতে ৰাজনীতি কৰি আহিছে । তেনেক্ষেত্ৰত ইউপিপিএল দলক এটা উপ আঞ্চলিকবাদী ৰাজনৈতিক দল কলেও ভুল নহব । তাৰ মাজতে অন্যান্য ৰাজনৈতিক দলৰ তুলনাত ইউপিপিএল দলৰ এটা সুকীয়া বৈশিষ্ট্য আছে । কাৰণ এই বড়োলেণ্ড এলেকাত এটা দীঘলীয়া সময় সশস্ত্ৰ সংগ্ৰাম হৈছিল এটা সময়ত এই সংগ্ৰামৰ সৈতে জড়িত নেতা কৰ্মী সকলেই এই অশান্ত অঞ্চলটোক এটা হিংসা বৰ্জিত সমাজ গঢ়াৰ লক্ষ্যৰে বিটিআৰ শান্তিচুক্তি সম্পাদিত কৰিছিল ।

পৰবৰ্তী সময়ত সেই সংগ্ৰামী নেতা সকলৰ নেতৃত্বতে এই ইউপিপিএল দল গঠন কৰা হৈছিল। লক্ষ্য এটাই আছিল যে বিটিআৰ অঞ্চলত বসবাস কৰা ৩৫ লাখ জনসাধাৰণৰ সম উন্নয়ন আৰু সম অধিকাৰ বৰ্তাই ৰাখি সাৰ্বিক উন্নয়নৰ হকে কাম কৰা । বিগত পাঁচ বছৰত বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ এলেকাত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক কামকাজ কৰি আহিছে । যি বিষয়টো বিটিআৰ ৰ শান্তিকামী ৰাইজে ভালকৈ উপলব্ধি কৰে। যাৰ কাৰণে আমি কব পাৰো যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলৰ বিজয় নিশ্চিত।

নিৰ্বাচনৰ আগত যদিও কোনো দলৰ লগত ইউপিপিএল দলে মিত্ৰতা নকৰে কিন্তু চৰকাৰ গঠন কৰাৰ সময়ত প্ৰয়োজনত বেলেগ দলৰ আলোচনা হব পাৰে বুলি মন্তব্য কৰে । আগন্তুক বিটিচি নিৰ্বাচনত  ইউপিপিএল দলক আৰু অধিক শক্তিশালী কৰিবলৈ জিলা পৰ্য্যায়ৰ দলীয় কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ প্ৰেক্ষাগৃহত জিলা ভিত্তিক ইউপিপিএলৰ দলীয় কৰ্মশালা অনুষ্ঠিত কৰা হয় ।

আজিৰ কৰ্মশালাত কাজলগাঁও, চিৰাং , নিচিমা আৰু চিৰাং দুৱাৰ ব্লকৰ দলীয় নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে বুলি অসমীয়া প্ৰতিদিনৰ আগত সদৰি কৰে । ইপিনে বিপিএফ নৱ শৰণীয়াৰ জিএছপি আৰু  অঞ্জলী দৈমাৰীৰ নেতৃত্বত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলে মিত্ৰজোঁট হৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হলে ইউপিপিএল দলৰ বাবে কিবা প্ৰত্যাহ্বান হব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে বিপিএফ আৰু জিপিএছ হৈছে শূণ্য + শূণ্য আৰু নতুন ৰাজনৈতিক দল হৈছে বিপিএফ দলৰে একাংশ নেতাক লৈ গঠন কৰা দল সেয়ে তেওঁলোকে বিপিএফ দলৰে ক্ষতি কৰিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

প্ৰমোদ বড়ো