বি টি চিৰ মুখ্য দ্বাৰত নাই অসমীয়া ভাষা...

এয়া গোড়ামীৰ বাহিৰে আন একো নহয়ঃ দেৰহাছাৎ বসুমতাৰী

author-image
Asomiya Pratidin
New Update
বি টি চিৰ মুখ্য দ্বাৰত নাই অসমীয়া ভাষা...

BTC

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বি টি চিৰ মুখ্য দ্বাৰত এবছুৰ প্ৰতীক চিহ্ন লগোৱাত আৰু অসমীয়া ভাষা ব্যৱহাৰ নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বি টি চি বিধান পৰিষদৰ বিৰোধী দলপতি তথা বি পি এফৰ জেষ্ঠ্য নেতা দেৰহাছাৎ বসুমতাৰীয়ে ।

Advertisment

বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত বি পি এফৰ মুখ্য কাৰ্যালয়ত বিয়লি আয়োজিত হোৱা এক সংবাদমেলত বি টি চি বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে বি টি চি চৰকাৰৰ কৰ্মকাণ্ড দেখি সকলোৱে হতচকিত হৈ পৰিছে ।

বি টি চি কৰ্তৃপক্ষই বি টি চিৰ মুখ্য দ্বাৰত এবছুৰ প্ৰতীক চিহ্ন লগাইছে আৰু এনে কাৰ্য একেবাৰে উচিত হোৱা নাই বুলি মন্তব্য কৰি এটা ছাত্ৰ সংগঠনৰ প্ৰতীক চিহ্ন বি টি চিৰ মুখ্য দ্বাৰত লগাই বি টি চি চৰকাৰে কি বুজাব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিধান পৰিষদৰ বিৰোধী দলপতি তথা বি পি এফৰ নিৰ্বাচিত সদস্য দেৰহাছাৎ বসুমতাৰীয়ে। বি টি চিৰ মুখ্য দ্বাৰখন সৰ্বাংগসুন্দৰ কৰাৰ থল আছিল, কিন্তু তেওঁলোকে সেয়া নকৰিলে আনকি বি টি চিৰ মুখ্য দ্বাৰত অসমীয়া ভাষাত এষাৰী বাক্য নথকা বিষয়টোও বহুলভাৱে চৰ্চিত হৈছে বুলি মন্তব্য কৰে দেৰহাছাৎ বসুমতাৰীয়ে ।

বি টি চিৰ মুখ্য দ্বাৰত অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো তেওঁলোকৰ চুড়ান্ত গোড়ামীৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে তেওঁলোক যে মাথো এটা জাতিৰ কথা হে চিন্তা কৰে, আন কোনো জাতি-জনগোষ্ঠীৰ ভাষা, সাহিত্য , কলা-কৃষ্টি সংস্কৃতিৰ কথা চিন্তা নকৰে সেয়া আজি প্ৰমানিত হৈছে।

প্ৰকৃততে আন জাতি- জনগোষ্ঠীৰ প্ৰতি, অসমীয়াৰ প্ৰতি তেওঁলোকৰ কোনো সদিচ্ছা নাই বুলি উল্লেখ কৰি বি টি চিৰ মুখ্য দ্বাৰত অসমীয়া ভাষা লিখা থকা হ'লে ভাল আছিল বুলি মন্তব্য কৰি মুখ্য দ্বাৰত এবছুৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি ,অসমীয়া ভাষা ব্যৱহাৰ নকৰি তেওঁলোকে কি বুজাব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি বিষয়টো বি টি চি কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে ।

সংবাদমেলত তেওঁ এইবুলিও কয় যে এই সংবাদমেলৰ পিছতেই তেওঁলোকে বিষয়টোক অন্যফালে ঢাল খুৱাব বিচাৰিব আৰু সেয়া এবছুৰ প্ৰতীক নহয় বৰং সেয়া ঢাল -তৰোৱাল হে আৰু ই যুঁজাৰু মানসিকতাৰ প্ৰতীক ,সংস্কৃতিৰ প্ৰতীক আৰু সাংস্কৃতিক ক্ষেত্ৰত ব্যৱহাৰ হয়, ঢাল-তৰোৱাল বড়ো সংস্কৃতিৰ অভিন্ন অংগ বুলি প্ৰতীয়মান কৰিব বিচাৰিব যদিও বি টি চিৰ মুখ্য দ্বাৰত লগোৱা চিহ্নটো প্ৰকৃততে এবছুৰ প্ৰতীক আৰু জাতীয় সংগঠনৰ এনে প্ৰতীকপট বি টি চিৰ মুখ্য দ্বাৰত এনেদৰে লগোৱাটো একেবাৰে উচিত হোৱা নাই বুলি সংবাদমেলত স্পষ্টভাৱে মন্তব্য কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে ।

assam btc