/asomiyapratidin/media/media_files/2024/11/13/Ln177DKK7WCwyemfCBvx.jpg)
ডিজিটেল ডেস্কঃ বিটিচিৰ নিযুক্তিৰ বিজ্ঞাপনত ভয়াৱহ আসোৱাঁহৰ তথ্য পোহৰলৈ আহিছে। বিটিচি চেট্ৰেল চিলেকশ্যন বৰ্ডে ৪নৱেম্বৰ, ২০২৪ত কেইবাটাও বিভাগত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। মহিলা আৰু শিশু কল্যাণ বিভাগ, দক্ষতা নিযুক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, ভূমি সংৰক্ষণ, বন,মীন, ৰেচন, আবকাৰী, ৰাজহ, শ্ৰম, কৰ্পাৰেটিভকে ধৰি মুঠ ১৫টা বিভাগত খালী হৈ থকা ৩৭২টা পদৰ বাবে এই বিজ্ঞাপন দিয়া হৈছে।
পৰিসংখ্যা সহায়কাৰী, নিম্ন বৰ্গৰ সহায়কাৰী, ষ্ট’কিপাৰ, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ ইন্সপেক্টৰ আদি পদৰ বাবে দিয়া এই নিযুক্তিত মানি চলা নাই চৰকাৰী নিযুক্তি বিধি। উল্লেখযোগ্য যে, এনে নিযুক্তি বিভিন্ন শ্ৰেণীৰ লগতে বিশেষভাৱে সক্ষম লোকৰ বাবেও খালী হোৱা পদৰ বিপৰীতে সংৰক্ষণ থকা পদৰ কথা উল্লেখ থাকিব লাগে।
২০১৬চনৰ অসম চৰকাৰৰ নিয়ম অনুসৰি,এনে নিযুক্তিৰ ক্ষেত্ৰত খালী পদৰ ৪শতাংশ বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত হ’ব লাগে।কিন্তু এই বিজ্ঞাপনত তেনে কোনো সংৰক্ষণৰ কথা উল্লেখ নথকাত বিশেষভাৱে সক্ষম লোকসকলৰ বিভিন্ন মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
বিটিচি প্ৰশাসনে এই বিজ্ঞাপন সংশোধন কৰি প্ৰকাশৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে। অন্যৰ্থা বিশেষভাৱে সক্ষম লোকসকলক এইদৰে অৱহেলা কৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰো ইংগিত দিছে।