Advertisment

কাৰ্যবাহী সদস্য হিচাপে শপত ল’লে বিটিচিৰ দুই পাৰিষদে

বিটিচিৰ দুই পাৰিষদ ক্ৰমে ১৩ নং চিৰাং সমষ্টিৰ ছাইখং বসুমতাৰী আৰু শ্ৰীৰামপুৰ সমষ্টিৰ সজল কুমাৰ সিংহই শনিবাৰে সংবিধানৰ নিয়মানুসৰি বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে গোপনীয়তাৰ শপত বাক্য পাঠ কৰে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ বিটিচিৰ দুই পাৰিষদ ক্ৰমে ১৩ নং চিৰাং সমষ্টিৰ ছাইখং বসুমতাৰী আৰু শ্ৰীৰামপুৰ সমষ্টিৰ সজল কুমাৰ সিংহই শনিবাৰে সংবিধানৰ নিয়মানুসৰি বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে গোপনীয়তাৰ শপত বাক্য পাঠ কৰে ।

Advertisment

এই উপলক্ষে আজি কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ বডোফা নগৰস্থিত বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা ভৱনত আয়োজিত এক কাৰ্যসূচীৰ জৰিয়তে কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ছাইখং বসুমতাৰী আৰু সজল কুমাৰ সিংহক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাই বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপে ৷

অনুষ্ঠানৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে আজি বিটিচি কাৰ্যবাহী পৰিষদত ছাইখং বসুমতাৰী আৰু সজল কুমাৰ সিংহ নতুনকৈ অন্তৰ্ভুক্ত হ'ল । তেওঁলোক দুয়োজনকে শুভেচ্ছা প্ৰদান কৰে বড়োৱে। এটা বছৰ বাকী থকাত বিটিচিৰ কাৰ্যবাহী পৰিষদত পুনৰাই দুজন পাৰিষদ সংযোজন হোৱাত কাৰ্যবাহী পাৰিষদখন অধিক শক্তিশালী হোৱা আৰু কাম-কাজ সূচাৰুৰূপে সম্পাদন কৰিব পৰা যাব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

তেওঁ কয় - বিগত চাৰিটা বছৰত যি স্মাৰ্ট , সেউজীয়া আৰু হিংসামুক্ত বিটিআৰ গঠনৰ সপোন আছিল সেয়া পুৰণ হৈছে । ১০ খন ষষ্ঠ অনুসূচীৰ ভিতৰত বিটিআৰখনেই শ্ৰেষ্ঠ বুলি বিবেচিত হৈ আহিছে। এই অঞ্চলত বিগত ৩০-৪০ টা বছৰত ভালদৰে কামবোৰ হৈ উঠা নাছিল যদিও যোৱা চাৰিটা বছৰত কামবোৰ নিয়াৰিকৈ সম্পন্ন হৈছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বিপিএফৰ ১৭ বছৰীয়া শাসনকালত কোনোধৰণৰ ভিচন আৰু মিচন নাছিল । আনহাতে বিটিচিৰ দুই কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰী আৰু সজল কুমাৰ সিংহই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

উক্ত শপত গ্ৰহণ অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, অধ্যক্ষ কাতিৰাম বড়ো, উপাধ্যক্ষ অভিৰাম মহানায়ক, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, ° নিলুৎ স্বৰ্গীয়াৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

বিটিচি বিটিআৰ প্ৰমোদ বড়ো