/asomiyapratidin/media/media_files/2025/06/27/new-ap-web-5-9-2025-06-27-19-42-38.jpg)
ডিজিটেল সংবাদ, চিৰাং: বিটিচি নিৰ্বাচনলৈ মাজত এতিয়াও দুটা মাহ বাকী আছে। তাৰ মাজতে বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। কিন্তু তাৰ মাজতো ব্যতিক্ৰম হৈ পৰিছে বি পি এফ।
দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয় অন্যান্য ৰাজনৈতিক দলতকৈ কিছু ব্যতিক্ৰম ৰূপত নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আগন্তুক বিটিচি নিৰ্বাচনত প্ৰচাৰৰ বাবে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যেই ঠকি কৰিছে হেলিকপ্টাৰ।
নিৰ্বাচনী প্ৰচাৰৰ বাবে হাগ্ৰামা মহিলাৰীয়ে হেলিকপ্টাৰ যোগান ধৰা প্ৰতিষ্ঠানৰ সৈতে আলোচনা সম্পূৰ্ণ কৰিছে। এতিয়া কেৱল আকাশত হেলিকপ্টাৰ উৰুৱাবলৈ কেৱল তেল ভৰাবলৈহে বাকী আছে বুলি আজি চিৰাং জিলাৰ ছামথাইবাৰীস্থিত বাথৌ খেৰাই ৰিজ’ৰ্টত এক দলীয় যোগদান কাৰ্য্যসূচীৰ অন্তত হাগ্ৰমা মহিলাৰীয়ে ঘোষণা কৰিছে।
নিজৰ স্বভাৱ সুলভ ভংগীমাৰে সংবাদ মাধ্যমৰ আগত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহীগৰাকীয়ে এই কথা উল্লেখ কৰি তেওঁৰ তৎপৰতা সম্পৰ্কে উল্লেখ কৰে। তাৰোপৰি তেওঁ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া নিৰ্বাচন কেন্দ্ৰীক মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
উল্লেখ্য যে, গৌৰৱ গগৈয়ে শেহতীয়াকৈ ঘোষণা কৰিছিল যে, কংগ্ৰেছ দলে এইবেলি বিটিচি নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে হাগ্ৰামা মহিলাৰীয়ে কয়, বিটিচি নিৰ্বাচনত যিমান সংখ্যক ৰাজনৈতিক দলে অৱতীৰ্ণ হ’ব সেইসকল ৰাজনৈতিক দলৰ বিপৰীতে তুলনামূলকভাৱে বিপিএফ দলৰ সাংগঠনিক স্থিতি বহু শক্তিশালী।
সেয়ে বিটিচি নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ আৰু ইউ পি পি এলসহ যিমান ৰাজনৈতিক দলেই নিৰ্বাচনত অৱতীৰ্ণ নহওঁক কিয় সবাতকৈ বেছি আসন বিপিএফ দলেই লাভ কৰিব। তেওঁ কয়, ২০২০ চনত আমি ১৭ খন আসন পাইছিলো এইবেলি আৰু বেছি আসন বিপিএফ দলে লাভ কৰিব।
মুঠৰ ওপৰত এই মুহূৰ্তত বি টি চিত এক নম্বৰ স্থানত বিপিএফ দলেই আছে আৰু বিটিচি চৰকাৰ বিপিএফ দলেই গঠন কৰিব বুলিও দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। যোৱা পাঁচ বছৰত ইউ পি পি এল দলে ৰাইজৰ সেৱা কৰিবলৈ ভাল সুযোগ পাইছিল যদিও দলটোৱে সেই সুবিধা ল’ব পৰা নাই।
তেওঁ কয়, যোৱা পাঁচ বছৰত ইউ পি পি এল দল হিচাপে একোৱেই কৰিব পৰা নাই। বিগত পাঁচ বি টি চি অঞ্চলত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে ইউ পি পি এল কামকাজত অসন্তুষ্টি প্ৰকাশ কৰিছে যাৰবাবে বি টি চিৰ ৰাইজে তেওঁলোকক সোনকালেই খেদিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।
ইফালে একালৰ সতীৰ্থ তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সন্দৰ্ভত তেওঁ অভিযোগ কৰি চন্দন ব্ৰহ্মই এতিয়া ইউ পি পি এল দলতে পেলনীয়া নেতা হৈ আছে। সন্ধিয়া হলেই মদ্যপান কৰি গাড়ী লৈ ঘূৰি ফুৰে। খাম্ফা বৰগয়াৰীকো ইউ পি পি এল দলৰ নেতাসকলে পাত্তা নিদিয়ে।
তেওঁ কয়, চন্দন আৰু খাম্ফাক ইউ পি পি এল দলৰ কোনো সভা সমিতিলৈয়ো নামাতে। তেওঁলোকে নিজেই উপযাচিহে যায় বুলিও হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে।
উল্লেখ্য যে, এইবেলি হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ দেবৰগাঁও পৰিষদীয় সমষ্টিৰ উপৰিও চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তেওঁ যোৱা নিৰ্বাচনত একালৰ সতীৰ্থ খাম্ফা বৰগয়াৰীক পৰাস্ত কৰা কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক পৰাজিত কৰিব বুলি দাবী কৰে।
আজি বাথৌ খেৰাই ৰিজ’ৰ্টত ওদালগুৰি জিলাৰ তৃণমূল কংগ্ৰেছৰ প্ৰদেশ যুৱ মৰ্চাৰ উপ সভাপতি ডেনিয়েল লাক্ৰাৰ নেতৃত্বত এটা বৃহৎ দল আৰু বি টি আৰ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা কমল তামাং নেতৃত্বত বহুকেইজন ছাত্ৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাবে বি পি এফ দলত যোগদান কৰে।
পূৰ্বে ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ পৰা বিপিএফ ত্যাগ কৰি ইউ পি পি এল যোগদান কৰা অৰ্ধ শতাধিক নেতা কৰ্মী পুনৰ বি পি এফ দললৈ ঘূৰি আহি আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কৰাসকলক সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় পতাকা আৰু ফুলাম গামোচাৰে পুনৰ দললৈ আঁদৰণি জনায় ।