অদালবাৰী আৰু বাগানপাৰাত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন

বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰ সমষ্টিৰ অদালবাৰীত আৰু বাগানপাৰা সমষ্টিৰ বাগানপাৰাত বিজেপিয়ে উদ্বোধন কৰিলে নিৰ্বাচনী কাৰ্যালয় ।

author-image
Asomiya Pratidin
New Update
sdsdsdSTTTTTTTTTTT

ডিজিটেল সংবাদ, মুছলপুৰঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে সোমবাৰৰ পৰা বিজেপিয়ে চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰ সমষ্টিৰ অদালবাৰীত আৰু বাগানপাৰা সমষ্টিৰ বাগানপাৰাত বিজেপিয়ে উদ্বোধন কৰিলে নিৰ্বাচনী কাৰ্যালয় ।

অদালবাৰীত কাৰ্যালয় উদ্বোধন কৰে ২৪ নং মুছলপুৰ পৰিষদীয় বিজেপি প্ৰাৰ্থী ৰিদীপ কুমাৰ ডেকাই। আনহাতে, বাগানপাৰাত বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ কাৰ্যালয় উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

Capturedsdsdsdsd

বিটিচি নিৰ্বাচনত নিশ্চিত বিজয় সাব্যস্ত কৰি বিটিআৰত বিজেপিৰ চৰকাৰ গঠন কৰিব পাৰিব বুলি বিশ্বাসী প্ৰতিগৰাকী প্ৰাৰ্থী । এনেদৰেই এতিয়া নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যস্ত প্ৰতিগৰাকী প্ৰাৰ্থী ।

বিটিচি