বিটিচি নিৰ্বাচনৰ পূৰ্বে অসমৰ মাটিত নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ...

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত নতুনকৈ আত্মপ্ৰকাশ কৰা "জয় ভাৰত পাৰ্টী" নামৰ এক ৰাজনৈতিক দলে ইমান দিনে ভিতৰি ভিতৰি তেওঁলোকৰ দলীয় কামকাজ আৰম্ভ কৰিছিল।

author-image
Asomiya Pratidin
New Update
sdsd

ডিজিটেল সংবাদ, চিৰাং:  বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক ৰাজনৈতিক তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । শাসকীয় দল ইউপিপিএল-বিজেপি আৰু বিৰোধী দল বিপিএফৰ উপৰি বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে সম্প্ৰতি নতুন নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

Advertisment

বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত নতুনকৈ আত্মপ্ৰকাশ কৰা "জয় ভাৰত পাৰ্টী" নামৰ এক ৰাজনৈতিক দলে ইমান দিনে ভিতৰি ভিতৰি তেওঁলোকৰ দলীয় কামকাজ আৰম্ভ কৰিছিল। কিন্তু আজি প্ৰথমবাৰৰ বাবে জয় ভাৰত পাৰ্টি নামৰ দলটোৰ সভাপতি তেহাৰু গৌড়ে চিৰাং জিলাৰ সুন্দৰীত সংবাদ মেল অনুষ্ঠিত দলৰ আত্মপ্ৰকাশ কৰাৰ কথা ঘোষণা কৰে ।

তেখেতে কয় যে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৪০ টা সমষ্টিতে জয় ভাৰত পাৰ্টিৰ পৰা প্ৰাৰ্থীত্ব নিক্ষেপ কৰা হব বুলি ঘোষণা কৰে । আজি সুন্দৰী স্থিত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কাৰ্য্যালয়ত বিটিআৰ ৰ চাৰিওটা জিলাৰ পৰা অহা প্ৰতিনিধি সকলক লৈ এক দলীয় অভিবৰ্তন কাৰ্য্যসূচী অনুষ্ঠিত কৰে। উক্ত অভিবৰ্তনত আগন্তুক বিটিচি নিৰ্বাচনত দলে কিদৰে আগুৱাই যাব তাৰ এক ৰণনীতি প্ৰস্তুত কৰা হয় ।

অভিবৰ্তনৰ অন্তত সংবাদ মেল যোগে দলৰ সভাপতি তেহাৰু গৌড়ে কয় যে আমাৰ দলৰ নেতা কৰ্মী সকলে এইবেলি নিৰ্বাচনত হাতত গীতা, কোৰ-আন আৰু বাইবেল লৈ ৰাইজৰ ঘৰে ঘৰে গৈ ভোট বিচাৰি প্ৰচাৰ চলাব অভিযান চলাব। বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ সম উন্নয়নৰ লক্ষ্যৰে বিটিচিৰ ৪০ খন আসনত জয় ভাৰত পাৰ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰে দলটোৰ সভাপতি তেহাৰু গৌড়ে।

তেখেতে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে । হাগ্ৰামা মহিলাৰীয়ে বিটিচি শাসনৰ নামত বিগত ১৭ বছৰত যিখিনি কৰিলে সেয়া ক'লে শেষ নহ'ব আৰু পৰৱৰ্তী সময়ত প্ৰমোদ বড়োই বিটিআৰত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীৰ লোক সকলক ভূমি পট্টা প্ৰদান কৰাৰ কথা কৈছে কিন্তু প্ৰকৃতাৰ্থত অন্যান্য জাতি-জনগোষ্ঠীৰ লোকে কিমান পাইছে সেয়া সবে জনা হৈছে।

অসম চৰকাৰে  বসুমতী আঁচনিৰ দ্বাৰা বহুলোকৰ মাটিৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে বিটিআৰ এলেকাত বিটিচি প্ৰশাসনৰ মিচন বৈসুমতীৰ দ্বাৰা অন্যান্য জাতি-জনগোষ্ঠীৰ একো লাভ হোৱা নাই অভিযোগ উত্থাপন কৰে। বিটিচিৰ শাসন পোৱাৰ আগতে জনসাধাৰণক যিবোৰ প্ৰতিশ্ৰুতি তেখেতে দিছিলে সেয়া সকলো পাহৰিছে বুলি কটাক্ষ কৰে । সেয়ে আমি জয় ভাৰত পাৰ্টিয়ে সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ কথা চিন্তা কৰি এই গঠন কৰাৰ বাবে আগবাঢ়ি আহিছো বুলি মন্তব্য কৰে সভাপতি জনে।

লক্ষ্যনীয় বিষয় যে, আজিৰ দিনটোতে প্ৰাক্তন এনডিএফবিৰ সকলৰ উদ্যোগত অঞ্জলী দৈমাৰীৰ নেতৃত্বত আন এক নতুন ৰাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টী অফ বড়োলেণ্ড ৰ আত্মপ্ৰকাশ কৰিছে। আজিৰ দিনটোতেই সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ প্ৰাক্তন উপদেষ্টা তেহাৰু গৌড়ৰ নেতৃত্বত চিৰাং জিলাৰ সুন্দৰীত আছা ভৱনত বিটিআৰৰ চাৰিখন জিলাৰ প্ৰতিনিধি সকলৰ উপস্থিতিত অভিবৰ্তনৰ জৰিয়তে জয় ভাৰত পাৰ্টী আত্মপ্ৰকাশ ঘটিছে । এই দুই নতুন ৰাজনৈতিক দলে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ভোটাৰ সকলৰ মাজত কিমান প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় সেয়াই পৰবৰ্তী সময়ত লক্ষ্যনীয় হব ।

বিটিচি