কেন্দ্ৰীয় ধনশিৰি বান্ধ সমিতিৰ সৈতে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

নদীখন পাহাৰৰ পৰা বৈ অহা হেতুকে পানীৰ সৈতে বৈ অহা ডাঙৰ শিলসমূহে নামনি অংশ‌ত খুন্দা মাৰে। সমান্তৰালভাৱে বালি মাটিৰ পাহাৰ হোৱা হেতুকে বালিসমূহে নামনিলৈ বৈ আহি পুতি পেলায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওদালগুৰিঃ  বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত উপস্থিত হৈ কেন্দ্ৰীয় ধনশিৰি বান্ধ সমিতিৰ সৈতে এক আলোচনাত মিলিত হয়। সমিতিখনৰ বিভিন্ন সমস্য সন্দৰ্ভত বড়োৱে বুজ লয়। 

Advertisment

ইয়াৰ পাছত সাংবাদিকৰ সন্মুখত বড়োৱে কয়, সমস্যাটো সমাধানৰ বাবে জলসিঞ্চনৰ কাৰিকৰী বিভাগৰ জৰিয়তে নতুনকৈ পৰ্যালোচনা কৰিব লাগিব। নদীখন পাহাৰৰ পৰা বৈ অহা হেতুকে পানীৰ সৈতে বৈ অহা ডাঙৰ শিলসমূহে নামনি অংশ‌ত খুন্দা মাৰে। সমান্তৰালভাৱে বালি মাটিৰ পাহাৰ হোৱা হেতুকে বালিসমূহে নামনিলৈ বৈ আহি পুতি পেলায়।

গতিকে আমাৰ মূল লক্ষ্য হৈছে বান্ধটো বালি আৰু শিলৰ পৰা মুক্ত  কৰিব লাগিব। গতিকে বাৰিষাৰ পাছতহে প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব। কিন্তু বৰ্তমান অস্থায়ীভাৱে বান্ধ সমিতিৰ সুৰক্ষা হোৱাকৈ কামখিনি আমি কৰি দিয়াৰ চেষ্টা কৰিম। সম্ভৱত অহা নৱেম্বৰ মাহৰ পৰাহে প্ৰকল্পটোৰ বাবে স্থায়ী কাম কৰিবলৈ আমি আগবাঢ়িব পাৰিম।

 এই ধনশিৰি জলসিঞ্চন প্ৰকল্পটোৰ জৰিয়তে সমীপৱৰ্তী বহু গাওঁৰ ৰাইজে সহায় লাভ কৰি আছে। গতিকে প্ৰকল্পটো সুন্দৰভাৱে নিৰ্মান কৰাটোৱেই হব আমাৰ মূল লক্ষ্য। প্ৰয়োজনত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সৈতেও বিষয়টো সন্দৰ্ভত আলোচনা কৰিম। যাতে অহা বৰ্ষৰ পৰা ৰাইজে প্ৰকল্পটোৰ জৰিয়তে জলসিঞ্চনৰ পানী লাভ কৰে তাৰ বাবে ব্যৱস্থা হাতত লম।

লগতে বিটিআৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়ণ সন্দৰ্ভত সাংবাদিকৰ আগত উল্লেখ বৰি বড়োৱে কয় যে, বিটিআৰ অঞ্চলৰ শিক্ষাখণ্ডৰ উন্নয়ণৰ বাবে আমি যথেষ্ট কাম কৰিছো। বিটিআৰৰ ২৫ খন মহাবিদ্যালয়ত প্ৰতি শনি আৰু দেওবাৰে যুৱ সৱলীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো। যাৰ জৰিয়তে যুৱক-যূৱতীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা হব।

আমি ভিজন ডকুমেণ্ট আগত ৰাখি কাম কৰি গৈছো। বিটিআৰত বাস কৰা জনগোষ্ঠীসমূহৰ বাবেও আমি কাম কৰিছো। আমি বিটিচিৰ শান্তি-সম্প্ৰীতি ৰক্ষাৰ বাবে বিভিন্ন কাৰ্য হাতত লৈছো। ইফালে বৰ্তমানৰ বিটিচি চৰকাৰখনৰ কামক লৈ হাগ্ৰামা মহিলাৰীয়ে কৰি অহা সমালোচনা সন্দৰ্ভত প্ৰত্যুত্তৰ দি বড়োৱে কয়, "যোৱা ১৭ বছৰত হাগ্ৰামা মহিলাৰীৰ বিপিএফ চৰকাৰে কি কাম কৰিলে দেখুৱাই দিয়ক।

যোৱা ৭০ বছৰে ৰাজ্য চৰকাৰে আন্তগাঠনিৰ কাম কৰিয়েই আহিছে। সচৰাচৰ কৰা কামসমূহৰ বাহিৰে তেওঁলোকে কি কৰিলে? আমি যোৱা চাৰে চাৰি বছৰত বহুত কাম কৰিলো। কৈ শেষ কৰিব নোৱাৰো। বিটিআৰত ২০৪ টা নলেজ চেণ্টাৰ বনাইছো। ৪০ টা সমষ্টিত ৪০ টা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিলো। আগতে মন্দিৰ, মছজিদ, বিদ্যালয়ত বহি ৰাজনীতিৰ কথা আলোচনা কৰিবলগীয়া আছিল। কিন্তু আজি এইবোৰ আলোচনা সেইবোৰ প্ৰেক্ষাগৃহতে কৰিব পাৰিছে।

 ১৭ বছৰত বিটিএফে ভিচিডিচি সচিব অবিহনে চলালে, কিন্তু আমি এতিয়া ৪২০ টা সচিৱ নিযুক্তিৰ কাম হাতত লৈছো। আমি ১৮০০ বিদ্যালয় ঠিক কৰিলো। বিটিআৰৰ ৮০ শতাংশ মহাবিদ্যালয়ত আমি ডিজিটেল শ্ৰেণীৰ ব্যৱস্থা কৰিলো। আজিৰ তাৰিখত হাগ্ৰামাই কি কয় সেয়া ডাঙৰ কথা নহয়, বিটিআৰৰ ৩৫ লাখ জনগণই কি বিচাৰে সেইটোহে ডাঙৰ কথা।

 আজি মূখ্য কাৰ্যবাহীগৰাকীৰ ভ্ৰমণকালত তেখেতৰ সৈতে উপস্থিত থাকে উপমূখ্য কাৰ্ৰবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়ো, জলসিঞ্চন বিভাগৰ বিষয়াৰ লগতে অন্যান্ন বহু লোক।

প্ৰমোদ বড়ো