চিৰাঙৰ লাইমুথিত বনাঞ্চলত বসবাস কৰা জনজাতি লোকক বিটিচি প্ৰশাসনৰ ভূমি পট্টা বিতৰণ

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি টি আৰৰ শাসকীয় ইউ পি পি এল দলে ভোটাৰ ৰাইজক নিজৰ পক্ষত আকৰ্ষিত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ লাইমুথিত বনাঞ্চলত বসবাস কৰা জনজাতি লোকক বিটিচি প্ৰশাসনৰ ভূমি পট্টা বিতৰণ

ডিজিটেল সংবাদ, চিৰাং: বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিটিআৰৰ শাসকীয় ইউপিপিএল দলে ভোটাৰ ৰাইজক নিজৰ পক্ষত আকৰ্ষিত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বি টি আৰ এলেকাৰ সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি বসবাস কৰা ভূমিহীন জনজাতি লোকসকলক পূৰ্বে ঘোষণা অনুসৰি ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্য্যসূচী আজি চিৰাং জিলাৰ পৰা আৰম্ভ কৰে। 

Advertisment

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ লাইমুথি বনগাঁৱত বিটিচি প্ৰশাসনৰ উদ্যোগত ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টি ভিত্তিত ৮৬২ টা পৰিয়াল মাজত আজি আনুষ্ঠানিক ভাবে ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। বিটিচিৰ বনবিভাগ, ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,  কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী সমষ্টিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিটিচিৰ কাৰ্য্যবাহী সদস্য ছাইখং বসুমতাৰী, অতিৰিক্ত জিলা আয়ুক্ত শিল্পীকা কলিতা,জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া অৰবিন্দ ৰাভা, জিলা বনসংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰী সহ বহুলোকৰ উপস্থিতিত আজি ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

আজিৰ এই ভূমিৰ প্ৰমাণ পত্ৰ বিতৰণ সন্দৰ্ভত বিটিচিৰ বনবিভাগ, ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নিৰ্দেশত এইবেলি আমি দ্বিতীয় পৰ্যায়ৰ বাবে ভাৰত চৰকাৰৰ ফৰেষ্ট ডুয়েল এক্ট-২০০৬ ৰ অধীনত বিটিআৰৰ পাঁচখন জিলাৰ বনাঞ্চলত বসবাস কৰা মুঠ ১৪,০০০ হেজাৰ ভূমিহীন জনজাতি পৰিয়ালক অহা ১০ আগষ্টৰ ভিতৰত ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তাৰে চিৰাং জিলাৰ মুঠ ২১৭ খন গাঁৱৰ ৪৮০০ টা পৰিয়াল আৰু ৩৩১ টা অন্যান্য অনুষ্ঠানক প্ৰদান কৰা হ’ব।

পৰ্যায়ক্ৰমে পাঁচখন জিলাৰ সমষ্টি ভিত্তিত এই ভূমি প্ৰমাণ পত্ৰ বিতৰণ কৰা হ’ব বুলি সদৰি কৰে। ইয়াৰ উপৰি ২৫ জুলাইৰ ভিতৰত বিটিআৰ এলেকাৰ ৰাজহ গাঁওসমূহতো ১৫ হেজাৰৰ পৰা ১৭ হেজাৰ পৰিয়ালক ভূমিপট্টা প্ৰদান, ৬ হেজাৰ ভূমিহীন পৰিয়ালক অধিকতম ১ বিঘাকৈ ভূমি আবন্টন দিয়া হ’ব। 

জুলাই শেষৰ পৰা ১০ আগষ্ট লৈকে ৬৫ হেজাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰিয়ালক ভূমিপট্টা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। ইপিনে অসমত বেদখল হৈ থকা বনবিভাগৰ ভূমি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলাই আছে সেই সময়তে বিটিআৰ এলেকাত বনাঞ্চলত বসবাস কৰা লোকসকলক ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে এই সন্দৰ্ভত প্ৰশ্ন কৰাত ৰঞ্জিত বসুমতাৰীয়ে কয় যে, এইক্ষেত্ৰত অসম আৰু বিটিআৰৰ মাজত কিছু পাৰ্থক্য আছে।

বিটিআৰত এই ভূমিৰ প্ৰসংগটো সম্পূৰ্ণ স্থানান্তৰিত বিষয়। আমি ভাৰত চৰকাৰৰ ফৰেষ্ট ডুয়েল এক্ট-২০০৬ ৰ অধীনত যিসকলক ভূমিহীন জনজাতি লোকে ২৫ বছৰতকৈ অধিক সময় ধৰি বনাঞ্চলত বসবাস কৰি আছে তেওঁলোক এই ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। তদুপৰি বনগাঁৱত বসবাস কৰা অজনজাতি লোকসকলকো ফৰেষ্ট ডুয়েল এক্ট-২০০৬ অধীনত তৃতীয় প্ৰজন্মৰ ব্যক্তিক ভূমিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে। 

ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে এই সন্দৰ্ভত কয় যে, অসমৰ অন্যান্য প্ৰান্তত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ যিবিলাক উচ্ছেদৰ ঘটনা হৈ আছে তাৰ লগতে বিটিআৰৰ ভূমি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ কোনো সম্পৰ্ক নাই। কাৰণ বিটিআৰত ভাৰত চৰকাৰৰ ফৰেষ্ট ডুয়েল এক্ট-২০০৬ ৰ অধীনত বিটিআৰৰ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা জনজাতি লোকসকলৰ এই ভূমি প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। 

বিটিআৰ এলেকাৰ ভূমিহীন জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ লাভ কৰাৰ ক্ষেত্ৰত আইনগত ভাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিখিনি সহায় কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰে সামান্তৰাল ভাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাকো শলাগ লয়। এতিয়াৰ পৰা এই বনাঞ্চলত বসবাস কৰা জনজাতি লোক সকলক কোনেও অবৈধ বসবাসকাৰী বুলি কব নোৱাৰিব কাৰণ এতিয়াৰ পৰা তেওঁলোক সম্পূৰ্ণ বৈধ বুলি গণ্য কৰা হ’ব বুলি মন্তব্য কৰে। 

বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ভূমি প্ৰমাণ পত্ৰ প্ৰদান কৰা কাৰ্য্যই আগন্তুক বিটিচি নিৰ্বাচনত কিমান লাভান্বিত হ’ব বুলি কৰা প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে এইদৰে কয় এই কামৰ দ্বাৰা এই ৰাইজসকল এশ শতাংশ লাভান্বিত হৈছে বুলি দাবী কৰে আৰু ইয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব বিটিচিৰ প্ৰধান প্ৰমোদ বড়োলৈ যাব আৰু ৰাইজে যি চৰকাৰ বা ৰাজনৈতিক দলৰ পৰা এশ শতাংশ লাভ জনক সুবিধা পাব সেই ৰাইজ নিশ্চিত ভাবে আমাৰ দলৰ পক্ষতে যাব বুলি দাবী কৰে। 

আজিৰ ভূমি প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য তথা বৰ্তমান ইউপিপিএল দলৰ নেতা খাম্ফা বৰগয়াৰী, ইউপিপিএল দলৰ যুৱ মৰ্চাৰ সম্পাদক তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্ম, প্ৰাক্তন পাৰিষদ লবেন বসুমতাৰী সহ বহু নেতা কৰ্মী উপস্থিত থাকে।

বি টি চি চিৰাং ইউ পি পি এল ভূমি পট্টা বিতৰণ