/asomiyapratidin/media/media_files/2025/07/15/web-ap-bangladeshi-2025-07-15-19-35-46.jpg)
ডিজিটেল সংবাদ শিলচৰ: দালালৰ সহায়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত মেঘালয়ত ২৬ জন বাংলাদেশী নাগৰিকক আটক কৰে বিএছএফে। লগতে বাংলাদেশী কেইজনক অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সহায় কৰা ৪ জন ভাৰতীয় দালালকো আটক কৰিবলৈ সক্ষম হয় বিএছএফৰ দল।
বিএছএফৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি, পশ্চিম গাৰো হিলছ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাটচ'ক পাৰাৰ পৰা আটক কৰা হয় বাংলাদেশী অনুপ্ৰৱেশকাৰী কেইজনক। পুৰাখাছিয়া দিশৰ পৰা বাৰেংগাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে অহা তিনিখন সন্দেহজনক বাহনত তালাচী বিএছ এফৰ ২২ নম্বৰ বেটেলিয়নে আটক কৰে ২৬ জন বাংলাদেশীসহ ৪ জন ভাৰতীয় দালালক।