মণিপুৰত বি এছ এফ আৰু আৰক্ষীৰ অভিযান : বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। বি এছ এফ আৰু মণিপুৰ আৰক্ষীয়ে কাকছিং জিলাৰ হিয়াংলামত

author-image
Asomiya Pratidin
New Update
মণিপুৰত বি এছ এফ আৰু আৰক্ষীৰ অভিযান : বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। বি এছ এফ আৰু মণিপুৰ আৰক্ষীয়ে কাকছিং জিলাৰ হিয়াংলামত অভিযান চলাই মঙ্গলবাৰে বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ, বিস্ফোৰক আৰু গুলি উদ্ধাৰ কৰে। 

উল্লেখযোগ্য যে, অভিযান কালত ২টা এ কে- ৫৬ বন্দুক, ১টা আই এন এছ এ এছ ৰাইফল, ১টা পিষ্টল, তিনিটা হেণ্ড গ্ৰেণেড আৰু বিভিন্ন আগ্নেয়াস্ত্ৰৰ যথেষ্ট সংখ্যক সজীৱ গুলি উদ্ধাৰ কৰে। জব্দ কৰা এই মাৰণাস্ত্ৰসমূহ কোনো উগ্ৰপন্থী সংগঠনৰ বুলি সন্দেহ কৰা হৈছে।  

আনহাতে, থৌবাল জিলাৰ য়াইৰিপাক চিংগা এলেকাত  চলোৱা অভিযানত বি এছ এফ আৰু মণিপুৰ আৰক্ষীয়ে মেগজিনসহ গুলিভৰ্তি ১টা  পইন্ট থ্ৰি টু পিষ্টল, পইন্ট থ্ৰি জিৰো থ্ৰি এল এম জি আৰু আই এন এছ এ এছ ৰাইফলৰ  ২টাকৈ  মেগজিন উদ্ধাৰ কৰে।

মণিপুৰ