Advertisment

অৰুণাচলৰ ইষ্ট কামেঙৰ হাস্পতালত লোমহৰ্ষক হত্যাকাণ্ড...

ইষ্ট কামেঙৰ চেপ্পা জিলা চিকিৎসালয়ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। জানিব পৰা মতে নিকাম চাংবিয়া নামৰ এজন লোকে দাৰে কৰা ধাৰাবাহিক আক্ৰমণৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
অনাকাঙ্খিত ঘটনা

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ ইষ্ট কামেঙৰ চেপ্পা জিলা চিকিৎসালয়ত বৃহস্পতিবাৰে সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। জানিব পৰা মতে নিকাম চাংবিয়া নামৰ এজন লোকে দাৰে কৰা ধাৰাবাহিক আক্ৰমণৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়। 

Advertisment

লগতে এই ঘটনাৰ ফলত আন ৬জন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষী অধীক্ষক কামদাম ছিকমে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ১১:৩০ বজাত হাস্পতালখনৰ মহিলা ৱাৰ্ডত সংঘটিত হয় এই ঘটনা।  

উক্ত ঘটনাৰ ফলত নিহত হোৱা দুজন লোক হৈছে- অভিযুক্তৰ পত্নী তাদে চাংবিয়া, তেওঁলোকৰ দুবছৰীয়া কন্যা মেখ্যা চাংবিয়া। আন দুগৰাকী নিহত লোক হৈছে- ফেই বেয়ং চৌকিদাৰ আৰু পাকা ৱেলী টালাং। 

আহত লোকসকলৰ ভিতৰত আছে আৰক্ষী বিষয়া পিএছ চেপ্পা আৰু মিনলি গেই। ইয়াৰে মিনলি গেই বাওঁহাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে উক্ত ঘটনাৰে জড়িত অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেওঁক আৰক্ষীৰ জিম্মাত  ৰখা হৈছে। লগতে ঘটনা সন্দৰ্ভত তদন্ত চলি থকা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে অৱগত কৰে।

জানিব পৰা মতে, অভিযুক্তই হাস্পতালখনত ভৰ্তি হোৱা পত্নী আৰু কন্যাক তেওঁলোকৰ চিকিৎসালয়ৰ বিচনাত অকস্মাতে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰোপৰি প্ৰত্যক্ষদৰ্শীকো তেওঁ আক্ৰমণ কৰিবলৈ চোচা লৈছিল। অৱশ্যে কি কাৰণে এই ঘটনা সংঘটিত কৰিলে, সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।

অৰুণাচল প্ৰদেশ