কিশোৰ শিক্ষাৰ্থীক নিৰ্মম  প্ৰহাৰ  ঢকুৱাখনাৰ বিতৰ্কিত শিক্ষক জিতু শৰ্মাৰ...

শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সমষ্টিত অঘটন

author-image
Asomiya Pratidin
New Update
কিশোৰ শিক্ষাৰ্থীক নিৰ্মম  প্ৰহাৰ  ঢকুৱাখনাৰ বিতৰ্কিত শিক্ষক জিতু শৰ্মাৰ...

harhi hs school

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক সীমাহীন অপকৰ্মৰে কলুষিত কৰি অহা ঢকুৱাখনাৰ এটা পৰিচিত নাম জিতু শৰ্মা । ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ সুনামত বিভিন্ন সময়ত আঁচোৰ লগাই অহা এইগৰাকী বিতৰ্কিত শিক্ষক হৈছে হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক।

Advertisment

বিদ্যালয়লৈ অহাৰ পূৰ্বে সুৰাপান কৰি  শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা ,ৰাজহুৱা স্থানত নিচাসক্ত হৈ মাতাল অৱস্থাত পৰি থকা , নিয়োজিত  কৰ্তব্য সমাপনত অহেতুক বিধি পঠালি দি অহা আদি অভিযোগত অভিযুক্ত হৈ বহুবাৰ চাকৰিৰ পৰা নিলম্বন হৈ থকা এইজন বহু বিতৰ্কিত শিক্ষক শৰ্মাই আকৌ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে নিৰীহ  শিক্ষাৰ্থীক নিৰ্মম ভাৱে প্ৰহাৰ কৰি।

ঘটনাটো যোৱা ৩০ আগষ্টৰ । বিদ্যালয় খনৰ সহকাৰী শিক্ষক শৰ্মাই উক্ত দিনা অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠদান কৰিবলৈ প্ৰৱেশ কৰাৰ সময়তে শ্ৰেণীটোৰ এজন শিক্ষাৰ্থীক সামান্য কথাতে লগত থকা এডাল ষ্টীলৰ লাঠিৰে (পেং) মূৰত প্ৰচণ্ড প্ৰহাৰ কৰে । শিক্ষকৰ প্ৰহাৰত কিশোৰ ছাত্ৰ জনৰ মূৰ উখহি যায় । শিক্ষক শৰ্মাই বিনা কাৰণত কৰা প্ৰহাৰৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল আৱাল খানে জানিব পাৰি শিক্ষকৰ প্ৰহাৰত  আহত ছাত্ৰ জনক ক্ষিপ্ৰতাৰে সমীপৰ হাৰ্হি প্ৰাথমিক চিকিৎসালয়ৰ ডাঃ গীতাৰ্থ বৰুৱাৰ ওচৰলৈ গৈ পৰ্য্যাপ্ত চিকিৎসা সেৱা প্ৰদান কৰে ।

বিষয়টো ছাত্ৰ জনৰ অভিভাৱক মীন বৰুৱাৰ অৱগত হোৱাত অভিভাৱক বৰুৱাই ঢকুৱাখনা সদৰ থানাত এক গোচৰ দাখিল কৰে । ঢকুৱাখনা থানাত  ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৩ ধাৰাত  পঞ্জীভূত গোচৰ (নং- ১৪০/ ২০২২ )ৰ তদন্তকাৰী আৰক্ষী বিষয়া দীনেশ মেধিয়ে শিক্ষক শৰ্মাক আটক কৰি সাক্ষ্য গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে ।

জামিন যোগ্য ধাৰাত পঞ্জীভূত গোচৰৰ আচামী শৰ্মাক আৰক্ষীয়ে জামিনত যাবলৈ দিছে । শিক্ষকৰ মাৰত আহত কিশোৰ ছাত্ৰজন বৰ্তমান ঘৰতে চিকিৎসাধীন। ইপিনে  কাণ্ডজ্ঞানহীন  শিক্ষক জিতু শৰ্মাই শিক্ষাৰ অধিকাৰ আইন উলংঘা কৰি বিদ্যালয়ত ভয় ভীতি দেখুৱাই দাম্ভিক আচৰণ প্রদর্শন কৰি শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰা  নিকৃষ্ট কাণ্ডৰ  বিৰুদ্ধে জাঙুৰ খাই উঠিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক জ্ঞানদীপ বৰা ।

পূৰ্বেও বাৰম্বাৰ বিদ্যালয়খনৰ  সুনামত আঘাত হানি  প্রদর্শন কৰি অহা অভব্য আচৰণৰ পুনৰাবৃত্তি কৰি এগৰাকী নিৰীহ কিশোৰ ছাত্ৰক নিৰ্মম ভাৱে প্ৰহাৰ কৰা শিক্ষক শৰ্মাক ধিক্কাৰ দি কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাৰ বিষয়ববীয়া গৰাকীয়ে। বিদ্যালয়খনত কৰ্মৰত এইগৰাকী মাতাল ,উন্মত্ত শিক্ষকৰ  বাবে শিক্ষাৰ্থী সকল সুৰক্ষিত নহয় বুলিও একাংশ অভিভাৱকে মন্তব্য কৰি এই ক্ষেত্ৰত লখিমপুৰ জিলা  চক্ৰৰ নৱ- নিযুক্ত বিদ্যালয় সমূহৰ পৰিদর্শক হেম চন্দ্ৰ শইকীয়াৰ জৰুৰী তদন্ত আৰু যথাবিহীত শাস্তি প্ৰদানেৰে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত বদলি কৰাৰ দাবী জনাইছে ।

শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টিৰ এখন শতবৰ্ষ গৰকা বিদ্যালয়ৰ এজন উন্মত্ত শিক্ষকৰ এনে অবিবেচকী কাণ্ড সন্দৰ্ভত শিক্ষা মন্ত্ৰী গৰাকীৰ হস্তক্ষেপ অভিভাৱক সমাজৰ কাম্য । উল্লেখ্য যে প্ৰহৃত কিশোৰ গৰাকীৰ চিকিৎসকৰ প্ৰতিবেদন লাভৰ পাছতহে গোচৰে নিজস্ব গতি লাভ কৰিব ।

assam ranoj pegu