নামৰূপ সাৰ প্ৰকল্পত স্থাপন হ’ব ব্ৰাউনফিল্ড এমোনিয়া ইউৰিয়া প্লাণ্ট

অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে নামৰূপ সাৰ কাৰখানা চৌহদত স্থাপন কৰিব লগা এক প্ৰকল্পত অনুমোদন জনাইছে।

author-image
Asomiya Pratidin
New Update
নামৰূপ সাৰ প্ৰকল্পত স্থাপন হ’ব ব্ৰাউনফিল্ড এমোনিয়া ইউৰিয়া প্লাণ্ট

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে। বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে নামৰূপ সাৰ কাৰখানা চৌহদত স্থাপন কৰিব লগা এক প্ৰকল্পত অনুমোদন জনাইছে। 

Advertisment

কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড চমুকৈ বি ভি এফ চি এলত স্থাপন কৰিব ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া কমপ্লেক্স। এই প্ৰকল্পৰ বাবে ধাৰ্য কৰা হৈছে ১০,৬০১.৪০ কোটি টকা। নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটোত বছৰি উৎপাদন হ’ব ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া। 

উল্লেখযোগ্য যে এই প্ৰকল্পটোৰ বাবে ধাৰ্য কৰা মুঠ মূলধনৰ ভিতৰত অসম চৰকাৰে ব্যয় কৰিব ৪০ শতাংশ টকা। এইক্ষেত্ৰত চৰকাৰৰ থাকিব মালিকীস্বত্ব।  তাৰোপৰি ২০১৪ৰ ৭ অক্টোবৰত সংশোধিত নতুন বিনিয়োগ নীতি, ২০১২ৰ অধীনত ৭০: ৩০ ঋণ-ইকুইটি অনুপাতেৰে যৌথ উদ্যোগৰ জৰিয়তে এই প্ৰকল্পৰ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব।  
 

ইয়াৰ উপৰিও চতুৰ্থ গোটৰ সাৰ উদ্যোগ স্থাপনৰ তদাৰক কৰিবলৈ আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰা হ’ব বুলি কেবিনেটে জনায়।  এই প্ৰকল্পটোৰ ইকুইটি অংশ বিতৰণ হ’ব এনেধৰণৰ – 

অসম চৰকাৰৰ হাতত ৪০ শতাংশ থাকিব অংশীদাৰিত্ব, একেদৰে বি ভি এফ চি এলৰ হাতত থাকিব ১১ শতাংশ। তাৰোপৰি হিন্দুস্তান উৰভাৰক এণ্ড ৰসায়ন লিমিটেডৰ হাতত থাকিব ১৩ শতাংশ অংশীদাৰিত্ব। এন এফ এল আৰু অইল ইণ্ডিয়া লিমিটেড উভয়ৰে হাতত থাকিব ১৮ শতাংশ অংশীদাৰিত্ব। 

উল্লেখযোগ্য যে এই প্ৰকল্পই বিশেষকৈ উত্তৰ-পূব অঞ্চলত ঘৰুৱা ইউৰিয়া উৎপাদন বৃদ্ধি কৰিব। লগতে বিহাৰ, পশ্চিম বংগ, পূব উত্তৰ প্ৰদেশ, আৰু ঝাৰখণ্ড আদি ৰাজ্যত সাৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে।

প্ৰস্তাৱিত ইউনিটটোৱে অধিক দক্ষতাৰে কাম কৰিব আৰু অঞ্চলটোত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ উপৰিও ইউৰিয়া উৎপাদনত স্বাৱলম্বীতা লাভৰ ভাৰতৰ লক্ষ্যত এই প্ৰকল্পটোৱে অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

Namrup fertilizer factory namrup