কামপুৰত উদ্ধাৰ শিৱ, সীতাৰ ভগ্ন মূৰ্তি, শিলত খোদিত বহু ভগ্নাৱশেষ

নগাঁও জিলাৰ কামপুৰৰ বৰগাঁৱত পথাৰৰ ওখ টিলা মাটি এডোখৰ খেতি মাটিৰ বাবে উপযোগী হোৱাকৈ খনন কৰোঁতে উদ্ধাৰ হৈছে কিছুমান ভগ্ন মূৰ্তিৰ লগতে শিলত খোদিত বহু ভগ্নাৱশেষ । ঠাইখিনিত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে শিৱ, সীতাৰ ভগ্ন মূৰ্তি।

author-image
Asomiya Pratidin
New Update
প্ৰত্বতাত্ত্বিক সমল উদ্ধাৰ

প্ৰত্বতাত্ত্বিক সমল উদ্ধাৰ

ডিজিটেল সংবাদ,কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ বৰগাঁৱত পথাৰৰ ওখ টিলা মাটি এডোখৰত খেতি মাটিৰ বাবে উপযোগী হোৱাকৈ খনন কৰোঁতে উদ্ধাৰ হৈছে কিছুমান ভগ্ন মূৰ্তিৰ লগতে শিলত খোদিত বহু ভগ্নাৱশেষ। ঠাইখিনিত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে শিৱ, সীতাৰ ভগ্ন মূৰ্তি।

Advertisment

উল্লেখযোগ্য যে, নগাঁও জিলাৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই হৈছে কামপুৰ। বুৰঞ্জীপ্ৰসিদ্ধ এই ঠাইখনৰঐতিহ্যৰ পম খেদিলে বহু ঘটনা-পৰিঘটনা পৰিলক্ষিত হয়, যিবোৰ অঞ্চলটোৰ বহু ঠাইত সচিত্ৰ দলিলৰ ৰূপত দেখা পোৱা যায়। আজিও কামপুৰৰ বিভিন্ন প্ৰান্তত শোভাবৰ্ধন কৰি আছে পৌৰাণিক মঠ-মন্দিৰ তথা প্ৰত্বতাত্ত্বিক সমলসমূহে। যাৰবাবে সোমবাৰে ভগ্ন শিল আৰু মূৰ্তি উদ্ধাৰ হোৱাত ৰাইজে ঠাইখিনিৰ লগত ঐতিহাসিক ঘটনা জড়িত থকাৰ সন্দেহ কৰিছে। স্থানীয় লোকে এই ঠাইখিনিত খনন কাৰ্য চলাই ইতিহাস বা প্ৰবাদ উদ্ধাৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে প্ৰত্নতাত্বিক বিভাগক অনুৰোধ জনাইছে । 

আনহাতে, কামপুৰ অঞ্চলটোৰ অ'ত-ত'ত আজিও সিঁচৰতি হৈ আছে এনে বহুত স্থাপত্যৰ ভগ্নাৱশেষ। পূৰ্বে উদ্ধাৰ হোৱা মূৰ্তি-ভাস্কৰ্যৰ  প্ৰাচুৰ্যলৈ লক্ষ্য কৰি পণ্ডিতসকলে অনুমান কৰিছে যে, এই কপিলীৰ পাৰত অতীজতে শিল্প চৰ্চাৰ এটা ধাৰা সৃষ্টি হৈছিল। তেওঁলোকে অনুমান কৰে যে ষষ্ঠ শতিকাৰ পৰা দ্বাদশ-ত্ৰয়োদশ শতিকাত চলা এই শিল্প চৰ্চাৰ মাধ্যম আছিল শিল। সমগ্ৰ অঞ্চলটোত প্ৰত্নতাত্বিক সমলসমূহৰ সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

 

kampur