কেৰালাত ব্ৰিটিছ যুদ্ধ বিমানৰ জৰুৰীকালীন অৱতৰণ

নিশা প্ৰায় ৯:৩০ বজাত ভাৰতত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰিছিল বিমানখনে। বিমানবন্দৰ কৰ্তৃপক্ষই এফ-৩৫ বিমানখনৰ নিৰাপদ অৱতৰণ নিশ্চিত কৰাৰ বাবে সমগ্ৰ বিমানবন্দৰটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।

author-image
Asomiya Pratidin
New Update
ব্ৰিটিছ যুদ্ধ বিমানৰ জৰুৰীকালীন অৱতৰণ

ব্ৰিটিছ যুদ্ধ বিমানৰ জৰুৰীকালীন অৱতৰণ

ডিজিটেল ডেস্কঃ এইবাৰ ইন্ধনৰ অভাৱত কেৰালাৰ তিৰুৱনন্তপুৰমত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হল এখন ব্ৰিটিছ F-35 যুদ্ধ বিমান। এক সূত্ৰই সদৰি কৰা অনুসৰি, দেওবাৰে নিশা প্ৰায় ৯:৩০ বজাত ভাৰতত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰিছিল বিমানখনে। বিমানবন্দৰ কৰ্তৃপক্ষই এফ-৩৫ বিমানখনৰ নিৰাপদ অৱতৰণ নিশ্চিত কৰাৰ বাবে সমগ্ৰ বিমানবন্দৰটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সম্প্ৰতি বিমানখন বিমানবন্দৰতে ৰখাই থোৱা আছে। কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমোদন লাভ কৰাৰ পিছতহে ইন্ধন ভৰোৱা হ’ব বিমানখন। 

Advertisment

উল্লেখযোগ্য যে, বৰ্তমান ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়োজিত এই অত্যাধুনিক যুঁজাৰু বিমানখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক যুদ্ধ বিমান বুলি গণ্য কৰা হয়। শেহতীয়াকৈ এই বিমানখনে ভাৰতীয় নৌসেনাৰ সৈতে যৌথ সামৰিক অনুশীলনতো অংশ লৈছিল। এই পঞ্চম জেন যুঁজাৰু বিমানখন বৰ্তমান অভিযানত নিয়োজিত ব্ৰিটিছ যুদ্ধজাহাজ এইচ এম এছ প্ৰিন্স অৱ ৱেলছৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ অংশ বুলি জানিব পৰা গৈছে।

কেৰালা যুদ্ধ বিমান