পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান

পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান

author-image
asomiyapratidin
New Update
পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান

ডিজিটেল ডেস্কঃ চলিত সপ্তাহতে বুধ গ্ৰহলৈ প্ৰেৰণ কৰা হ'ব ব্ৰিটেইনত নিৰ্মিত এখন মহাকাশযান। অত্যাধুনিক প্ৰযুক্তি সম্পন্ন এইখন মহাকাশযান। সূৰ্যৰ আটাইতকৈ কাষত থকা গ্ৰহটোৱেই হৈছে বুধ গ্ৰহ। আৰু এই গ্ৰহটোত পানীৰ সন্ধান কৰাটোৱেই এই মহাকাশযানখনৰ লক্ষ্য।

ইউৰপীয় মহাকাশ এজেন্সীৰ বেপীকলম্ব অভিযানৰ অধীনত মহাকাশযানখনত দুটা কৃত্ৰিম উপগ্ৰহো পঠিওৱা হ'ব যাৰ দ্বাৰা এই গ্ৰহটোৰ সম্পৰ্কীয় বহু তথ্য সংগ্ৰহ কৰা হ'ব। ব্ৰিটেইনৰ ইউনিভাৰ্চিটী অৱ লীছেষ্টাৰৰ অধ্যয় এম্মা বন্স এই সন্দৰ্ভত কয় যে- 'বুধ গ্ৰহৰে জড়িত বহু মনোৰঞ্জক কথা আছে যিবোৰ বৰ্তমানলৈ আমি জানিবলৈ সক্ষম হোৱা নাই।'