আকাশত এলিয়েনৰ যান! এলন মাস্কে পৃথিৱীলৈ আনিলে অন্য গ্ৰহৰ প্ৰাণী...

এতিয়া এলন মাস্কে যেন কৰিব নোৱাৰা কাম একো নাই! যি কাম নাছাই কৰিব পৰা নাছিল, সেই কাম এলন মাস্ক মালিকানাধীন এটা প্ৰতিষ্ঠানে সফলতাৰে সম্পন্ন কৰাৰ পাছতে বিশ্বজুৰি এলন মাস্কৰ প্ৰভাৱ আৰু প্ৰাসংগিকতা আৰু অধিক

author-image
Asomiya Pratidin
New Update
alen

ডিজিটেল ডেস্কঃ  এতিয়া এলন মাস্কে যেন কৰিব নোৱাৰা কাম একো নাই! যি কাম নাছাই কৰিব পৰা নাছিল, সেই কাম এলন মাস্ক মালিকানাধীন এটা প্ৰতিষ্ঠানে সফলতাৰে সম্পন্ন কৰাৰ পাছতে বিশ্বজুৰি এলন মাস্কৰ প্ৰভাৱ আৰু প্ৰাসংগিকতা আৰু অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে যে, এলন মাস্কক লগ ধৰিবলৈ পৃথিৱীত শেহতীয়াকৈ পৰ্দাপণ কৰিছে এলিয়েনে। 

Advertisment

দৰাচলতে কিছুদিনৰ পৰা বিট্ৰেইনৰ আকাশত দেখা গৈছে কিছু অদ্ভুত পোহৰ। ঘূৰণীয়া আকাৰৰ এই পোহৰ বিট্ৰেইনৰ আকাশত যানৰ দৰে এক আকৃতিৰ সৃষ্টি কৰিছে। সকলো নাগৰিকে এই পোহৰৰ আঁৰৰ ব্যক্তিজন এলন মাস্ক বুলিয়েই সন্দেহ কৰিছে। আৰু বহু সংবাদমাধ্যমত প্ৰকাশ হৈছে যে, এলন মাস্কৰ প্ৰতিষ্ঠানে বহু দিনৰে পৰা অন্যগ্ৰহৰ প্ৰাণীৰ সৈতে কৰি থকা পৰীক্ষা-নিৰীক্ষা সফল হৈছে। যাৰ ফলত পৃথিৱীত যানৰ সৈতে পৰ্দাপণ কৰিছে অন্য গ্ৰহণ প্ৰাণীয়ে।

কিন্তু সকলোৱে ভাৱি থকা কথাৰ ওৰ ওলাল অৱশেষত। সকলোৱে ভাৱি থকাৰ দৰেই এই ঘটনাৰ আঁৰৰ মানুহজন এলন মাস্কেই যদিও এয়া কোনো অন্য গ্ৰহৰ প্ৰাণীৰ যান নহয়। দৰাচলতে এয়া ফাক্লন-৯ৰকেটৰ পোহৰহে। এলন মাস্কৰ প্ৰতিষ্ঠান স্পেছ এক্সে মহাকাশলৈ প্ৰেৰণ কৰা ফাক্লন-৯ ৰকেটৰ ইন্ধেন সৃষ্টি কৰিছে এই সৰ্পিল তথা ঘূৰণীয়া আকৃতিৰ পোহৰ। ঘটনাটোক লৈ প্ৰতিক্ৰিয়া দেখি স্পেছএক্সে শেহতীয়াকৈ তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউন্টত ইয়াক স্পষ্টীকৰণ দাঙি ধৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিট্ৰেইনৰ আকাশত এনে পোহৰ এইবাৰেই প্ৰথম নহয়। ২০২১তো আকাশত এনে সৰ্পিল আকাৰৰ পোহৰ প্ৰত্যক্ষ কৰিছিল নাগৰিকে। ইয়াৰ প্ৰায় ৪বছৰৰ পাছত পুনৰ আকাশত এনে দৃশ্য প্ৰত্যক্ষ কৰা হৈছে। 

মহাকাশ