Advertisment

একেদিনাই ৪ খনকৈ দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক চৰণ বড়োৰ

মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ প্রশংসনীয় পদক্ষেপ। সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত একেদিনাই আধাৰশিলা স্থাপন কৰিলে ৪ খনকৈ RRC দলঙৰ| সমষ্টিটোৰ ইকৰাবাৰী, সিধাখোৱা, বেঙেনাবাৰীৰ লগতে পলাশবস্তিত আধাৰশিলা স্থাপন কৰে ৪ খনকৈ RRC দলঙৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওৰাংঃ মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ প্রশংসনীয় পদক্ষেপ। সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত একেদিনাই আধাৰশিলা স্থাপন কৰিলে ৪ খনকৈ RRC দলঙৰ| সমষ্টিটোৰ ইকৰাবাৰী, সিধাখোৱা, বেঙেনাবাৰীৰ লগতে পলাশবস্তিত আধাৰশিলা স্থাপন কৰে ৪ খনকৈ RRC দলঙৰ।

Advertisment

দলঙৰ অভাৱত দীর্ঘদিনে যাতায়াতৰ বাবে অসুবিধাৰ সম্মুখীন হৈছিল ৪ খনকৈ অতি পিছপৰা অঞ্চলৰ জনতা। যাৰ পৰিপ্ৰেক্ষিপ্তত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীত কেইবা কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া  দলঙৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চৰণ বড়োৱে।

ওদালগুৰি জিলাৰ ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ইকৰাবাৰীৰ তালতলা, বেঙেনাবাৰী, পলাশবস্তি আৰু সিধাখোৱা গাঁৱৰ জৰাজীৰ্ণ দলঙে জীয়াতু ভুগাইছিল স্থানীয় ৰাইজক। সমষ্টিটোৰ ৰৌতা নদী, মৰাধনশ্রী নদীৰ ওপৰত থকা পূৰ্বৰ কাঠৰ দলংবোৰ জৰাজীৰ্ণ হৈ পৰাত অতি বিপদসংকুল যাত্রা কৰিব লগা হৈছিল ৰাইজে। ভঙা দলঙেৰে পাৰাপাৰ হওতে কেবাবাৰো সংঘটিত হৈছিল দুৰ্ঘটনাৰ।

 

অৱশেষত মাজবাটৰ বিধায়ক চৰণ বড়োৱে আধাৰশিলা স্থাপন কৰে RCC দলঙৰ। পৰৱৰ্তী সময়ত দলং সংযোগী ৪  অঞ্চলৰ জৰাজীৰ্ণ পথৰো অতি শীঘ্ৰেই পকীকৰনৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক চৰণ বড়োৱে।

ওৰাং বিধায়ক