১০ বছৰীয়া অভিলেখ ভংগ কৰি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ আহিল সৰ্বাধিক পৰ্যটক...

দহবছৰৰ অভিলেখ ভংগ কৰি চলিত বৰ্ষত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ আহিল সৰ্বাধিক পৰ্যটক ৷ পৰ্যটকৰ লগতে সৰ্বাধিক ফুল ফুলিছে এই বৰ্ষত ৷

author-image
Asomiya Pratidin
New Update
১০ বছৰীয়া অভিলেখ ভংগ কৰি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ আহিল সৰ্বাধিক পৰ্যটক

ডিজিটেল সংবাদ, কাজিৰঙা : দহবছৰৰ অভিলেখ ভংগ কৰি চলিত বৰ্ষত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ আহিল সৰ্বাধিক পৰ্যটক ৷ পৰ্যটকৰ লগতে সৰ্বাধিক ফুল ফুলিছে এই বৰ্ষত ৷

Advertisment

দুহেজাৰতকৈ অধিক প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা অৰ্কিড উদ্যানত বৰ্তমান ফুলি আছে পাঁচশৰো অধিক দুস্প্ৰাপ্য তথা অতি বিৰল অৰ্কিড ৷ যিসকলে প্ৰকৃতি,অৰ্কিডক ভালপায় তথা জৈৱবৈচিত্ৰতা সুৰক্ষাৰ কথা কয় সেইসকলক এই সময়তে অৰ্কিড উদ্যান দৰ্শন কৰাৰ আহ্বান উদ্যানখনৰ অধ্যক্ষ অখিল গগৈৰ ৷

পৃথিৱীৰ অপৰূপ সৌন্দয্য উপভোগ কৰিব বিচাৰিলে ফুলে-ফলে জাতিষ্কাৰ হৈ পৰা অৰ্কিড উদ্যানখন মনোযোগেৰে দৰ্শন কৰাৰ আহ্বান অখিল গগৈৰ ৷ বৰ্তমান দুহেজাৰতকৈ অধিক কপৌফুল ফুলি থকাৰ লগতে কপৌফুলৰ কেইবাটাও প্ৰজাতি ফুলি আছে উদ্যানখনত ৷

কুুলি-কেতেকীৰ বিননীয়ে মুখৰিত কৰি তোলা উদ্যানখনত পূৰ্বতে থকা ১৪৫ বিধ চৰাইৰ উপৰিও বৰ্তমান আহিছে বহু চৰাই ৷ অধ্যক্ষ অখিল গগৈয়ে গাইড হৈ প্ৰতিজন পৰ্যটকক দেখুৱাই গৈছে ইপাহৰ পাছত সিপাহ অৰ্কিড ৷

সমান্তৰালকৈ বছৰজোৰা কষ্টৰ ফলত ফুলি উঠা ফুলবোৰ পৰ্যটকক দেখুৱাই অৰ্কিড উদ্যানত কৰ্মৰত কৰ্মচাৰীসকলো উৎফুল্লিত হৈ পৰিছে ।

kaziranga