ভটিয়াপাৰৰ অ' এন জি চিৰ গেছ নিৰ্গমন: অসুস্থ হৈ পৰিছে স্থানীয় লোক, কেইবাজনকো হাস্পতালত ভৰ্তি

শিৱসাগৰৰ ভটিয়াপাৰৰ অ' এন জি চিৰ ৰিগত ধাৰাবাহিক ভাৱে প্ৰাকৃতিক গেছ নিৰ্গমনৰ ফলত অসুস্থ অঞ্চলটোৰ কেইবাজনো লোক।অসুস্থ আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
dddddda
  • শিৱসাগৰৰ ভটিয়াপাৰৰ অ' এন জি চিৰ ৰিগত হোৱা প্ৰাকৃতিক গেছ নিৰ্গমনৰ ঘটনাৰ পাৰ্শ্বক্ৰিয়া। 
  • অসুস্থ হৈ পৰিছে এজনৰ পিছত এজনকৈ স্থানীয় নাগৰিক। 
  • মঙ্গলবাৰে নিশা একেলগে অসুস্থ হৈ পৰিছে তিনিগৰাকী লোক। 
  • চেতনাহীন হৈ চিকিৎসাধীন হৈছে বৰ্ণালী গগৈ, মিতিল দাস আৰু উমেশ বৰুৱা। 
  • বিগত বৃহস্পতিবাৰৰ পৰাই ৰিগটোৰ পৰা প্ৰচণ্ড শব্দৰে  অহৰহ নিৰ্গত হৈ আছে প্ৰাকৃতিক গেছ। 
  • বায়ুমণ্ডলত সেই গেছ মিহলি হৈ পৰাত প্ৰদূষিত হৈছে অঞ্চলটো। 
  • অসুস্থ তিনিওকে ৰাইজৰ দলৰ কৰ্মীৰ দ্বাৰা হাস্পতাললৈ প্ৰেৰণ। 
  • যোগাযোগ কৰাৰ পিছতো অ' এন জি চিৰ পৰা এম্বুলেঞ্চ তথা পৰ্যাপ্ত চিকিৎসা সেৱা লাভ নকৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। 
  • শীঘ্ৰেই আন্তঃৰাষ্ট্ৰীয় বিদেশী বিশেষজ্ঞ নানিলে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা। 
  • অ' এন জি চিয়ে গেছ নিৰ্গমন ৰোধ কৰাত খৰধৰ নকৰাৰো অভিযোগ। 
  • কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান বিধায়ক অখিল গগৈৰ। 
  • ৰাইজৰ ক্ষোভ বৃদ্ধি হৈ অহাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটাৰো আশংকা। 
  • সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিধায়কগৰাকীৰ চৰকাৰ আৰু অ' এন জি চিৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অধিক তৎপৰতা আৰু আন্তৰিকতাৰো দাবীৰে পোষ্ট। 
Advertisment

IMG_20250618_012201

 

 

অখিল গগৈ অ' এন জি চি ৰুদ্ৰসাগৰ প্ৰাকৃতিক গেছ