মহাকুম্ভ মেলাঃ মোক্ষৰ সন্ধানত ভাৰতলৈ বিদেশী ভক্তৰ সোঁত...

আজিৰ পৰা অনুষ্ঠিত হোৱা এই ৪৫ দিনীয়া ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাত সৰ্ববৃহৎ মানৱ সমাৱেশ অনুষ্ঠিত হ'ব, য’ত ৪০ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

author-image
Asomiya Pratidin
New Update
vbgvb

ডিজিটেল ডেস্কঃ  "পানী ঠাণ্ডা যদিও পবিত্ৰ স্নান লৈ মন উষ্ম হৈ পৰিছে"- এই মন্তব্য মোক্ষৰ সন্ধানত প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা এগৰাকী বিদেশী ভক্তৰ। আজি মহাকুম্ভৰ পবিত্ৰ ত্ৰিবেণী সংগমস্থলীত স্নান কৰিবলৈ প্ৰয়াগৰাজত ভিৰ কৰিছে বহু দেশ-বিদেশৰ ভক্তই। 

ইয়াৰ মাজতে ব্ৰাজিলৰ পৰা অহা এগৰাকী ভক্তই কয় যে, মই যোগাসন কৰো। মই ইয়ালৈ মোক্ষৰ সন্ধানত আহিছো। আনহাতে স্পেইনৰ এজন ভক্তই কয়, ত্ৰিবেণী সংগমত স্নান কৰিব পাই নিজকে অতি ভাগ্যৱান বুলি অনুভৱ কৰিছে। এই স্থানলৈ স্পেইন, ব্ৰাজিল, পৰ্তুগালৰ পৰা আমি কেবাজনো বন্ধু আধ্যাত্মিক ভ্ৰমণত আহিছো।

ইফালে দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ এজন ভক্তই মহাকুম্ভ মেলাৰ সম্পূৰ্ণ আয়োজনৰ প্ৰশংসা কৰে। লগতে তেওঁ এগৰাকী সনাতনী বুলি নিজক পৰিচয় দিয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা অনুষ্ঠিত হোৱা এই ৪৫ দিনীয়া ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাত সৰ্ববৃহৎ মানৱ সমাৱেশ অনুষ্ঠিত হ'ব, য’ত ৪০ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

মহাকুম্ভ মেলা