কংগ্ৰেছৰ দিনৰ পৰাই বিজেপিক ভোট দিওঁ, তথাপি আমাক নাচালে বিজেপিয়েঃ চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰত বিলিন প্ৰাচীন গাওঁ...

mayong
mayong

ডিজিটল সংবাদ মায়ংঃ "আমি ক'ত যাম, ক'ত থাকিম? কোনে খবৰ লব আমাৰ? ঘৰ দুৱাৰ উটুৱাই লৈ গ'ল ইতিমধ্য। সকলো হেৰুৱালো।পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিল। নিশাৰ ভাগত গাঁওখনৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান দুৰ্গা মন্দিৰটোও জাহ যোৱাৰ উপক্ৰম হৈ পৰিছে। একমাত্ৰ পঢ়াশালি খনো দুই এদিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হব।এতিয়া আমি দিশহাৰা ,নিৰুপাই হৈ পৰিছো।"

আজি এই প্ৰতিবেদকৰ সন্মুখত হুকহুকাই কান্দি কান্দি কৈ গ'ল ইজনৰ পিছত সিজন দুৰ্ভগীয়া লোকে নিজৰ ওপজা গাওঁখনৰ দুৰ্দশাৰ কথা। লগতে কলে যে, আমি কংগ্ৰেছৰ দিনৰে পৰাই বিজেপি দলতে ভোট দি আহিছো।গাঁও খনৰ এশ শতাংশ লোকেই বিজেপিকে ভোট দিও।

কিন্তু তাৰ পিছতো আমাক কিয় এইদৰে অৱহেলা আৰু মাহী আইৰ দৃষ্টি দিয়া হল? কিয় গাঁওখন জাহ যোৱাৰ পূৰ্বেই প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ উদ্যোগ ন'ললে সেয়া বিচাৰ্যৰ বিষয় হৈ থাকিল বুলিও ক্ষোভ প্ৰকাশ কৰে কেইবাটাও পৰিয়ালে।তাৰ পিছতো কোনোবা জনে চৰকাৰক আহ্বান জনাইছে -কিবা এটা কৰক।নহলে আমাৰ জীয়াই থকাটোৱেই জটিল হৈ পৰিব।

উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত দুখন গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। গাঁও দুখন হ'ল মুৰকটা আৰু তেতেলিগুৰি। বঙালী সম্প্ৰদায়ৰ লোকে বাস কৰা গাঁও দুখন এতিয়া লুইতৰ বুকুত জাহ যোৱাৰ পথত।

ইতিমধ্য মুৰকটা আৰু তেতেলিগুৰি গাঁৱৰ এক তৃতীয়াংশ অঞ্চল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত চকুৰ পলকতে বিলিন হৈ গৈছে। শ শ বিঘা কৃষি ভূমি নৈৰ গৰ্ভত।মায়ং পঞ্চায়তৰ অন্তৰ্গত এক নং মুৰকটা আৰু পাভকাতি পঞ্চায়তৰ তেতেলিগুৰিত খহনীয়াই তীব্ৰ  ৰূপ  ধাৰণ কৰাৰ ফলত এতিয়া খহনীয়া আতংকই বিৰাজ কৰিছে।

আজি গাঁওখনত উপস্থিত হৈ চাই থাকোতেই দেখা গ'ল গাঁওখনলৈ যোৱা একমাত্ৰ  পথটোৰ ২০০ মিটাৰ এলেকা জহি খহি যোৱা এক ভয়ংকৰ দৃশ্য।দেখা পোৱা গ'ল কৃষি পথাৰ,মানুহৰ ঘৰ, দুৰ্গা মন্দিৰ আৰু একমাত্ৰ শিক্ষানুষ্ঠানখনৰ চৌহদ কিদৰে লুইতৰ  কৰাল গ্ৰাসত পৰিছে সেই ভয়াবহ দৃশ্য।

এক অবৰ্ণনীয় পৰিবেশ। বাতৰি লিখা সময়লৈ ছিৰাল ফাট মেলি আছে প্ৰাচীন গাঁওখনৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান দুৰ্গা মন্দিৰটোৰ এটা বৃহৎ এলেকাত। নিশাৰ ভাগলৈ জাহ যোৱাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে মন্দিৰটোৰ লগতে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ।

প্ৰতি মুহূৰ্তত খহি আছে নৈৰ গৰা। উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, নাৰিকল তামোলৰ বাগান  নিমিষতে জাহ গৈ আছে। বৈদ্যুতিক খুঁটা বাগৰি পৰিছে।দুখন কৈ গাঁৱৰ ৰাইজৰ যাতায়ত কৰাত অসুবিধা আহি পৰিছে।

তাৰোপৰি ৪৯ কোটি কোটি টকা খৰচ কৰি গাগলমাৰীৰ পৰা পাভকাতি পঞ্চায়তৰ  তেতেলিগুৰি লৈ যিটো মথাউৰি নিৰ্মাণ কৰা হৈছিল ইতিমধ্য  ১০০  মিটাৰ নৈৰ বুকুত বিলিন হৈছে। পকৰীয়া নৈৰ সতে ব্ৰহ্মপুত্ৰ চামিল হৈছে।

যোৱা দুই মাহত প্ৰায় এক কিলোমিটাৰ এলেকা দক্ষিণত ব্ৰহ্মপুত্ৰ আগুৱাই অহাৰ ফলত তেতেলিগুৰি গাওঁখনৰ অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ আৰু দুখন কৈ প্ৰাথমিক বিদ্যালয় লুইতৰ বুকুত চিৰদিনৰ বাবে বিলিন হৈ গ'ল।তেতেলিগুৰি ঘাটত পকৰীয়া নৈৰ ওপৰত নিৰ্মাণ কৰি থকা কোটি টকীয়া পকী দলঙৰ চাৰিটা খুঁটা প্ৰায় সম্পূৰ্ণ হৈছিল যদিও বৰ্তমান ব্ৰহ্মপুত্ৰৰ কবলত পৰাটো নিশ্চিত হৈ পৰিছে।

স্তব্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য।তীব্ৰ ভাবুকি আহি পৰিছে এতিয়া গাঁৱৰ চৌপাশে। নিশা টোপনি নোযোৱা হৈছে নৈৰ খহনীয়াৰ শব্দত। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে এইকেইদিন শিক্ষানুষ্ঠানলৈ যোৱা বাদ দিছে। খোৱা, বোৱা, অধ্যয়ন এৰি দিছে গাওঁ দুখনৰ লোকে।

এতিয়া নিৰুপাই আৰু হতাশাত দিন পাৰ কৰাইছে দুয়োখন গাঁৱৰ ৰাইজে। যিসকলে ইতিমধ্য ঘৰৰ চাল বেৰ খহাইছে তেওঁলোক নিশা উজাগৰে পথাৰৰ মাজত কটাবলগীয়া অৱস্থা হৈছে।অন্য ঠাইলৈ স্থানান্তৰ হ'বলৈও আগতীয়াকৈ ক'তো মাটি ক্ৰয় কৰি থোৱা নাই।

সাম্প্ৰতিক সময়ত বিপদজনক অৱস্থাত আছে শতাধিক পৰিয়াল। তাৰ পিছতো কিন্তু গা লৰা নাই অসম চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগৰ। আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, মৰিগাঁও জিলাৰ কাৰ্যবাহী অভিযন্তাকে ধৰি কেইবাজনো বিষয়া মুৰকটাত আহি উপস্থিত হৈছে যদিও গাঁওখনৰ ৰাইজৰ মুখত কোনো হাঁহি নাই।

কেৱল চকুত চকুলো দেখা গ'ল পুৰুষ মহিলা সকলোৰে ।কাৰণ গাঁওখনৰ আধা অংশ ইতিমধ্য লুইতৰ বুকুত চিৰকালৰ বাবে লীন হৈ গ'ল। খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ অৰ্থাৎ বস্তাত বালি ভৰাই নৈৰ পাৰত পেলাই চেষ্টা চলাই আছে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি ক'ব পাৰি।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা ৮ খনকৈ ভুতভতী নাৱেৰে বালি কঢ়িয়াই মুৰকটা গাওঁখন বচোৱাৰ যি চেষ্টা চলাই আছে সেয়া যে ভেকোভাওনাৰ বাহিৰে আন একো নহয় সেই কথা ৰাইজে বুজিবলৈ আৰু বাকী নাই। কাৰন যিমানেই জিঅ' বেগ পেলাই আছে সকলোবোৰ নৈৰ কোবাল সোতে লগে লগেই উটুৱাই নিছে।

উল্লেখযোগ্য যে, জাগীৰোড সমস্তিৰ অৰ্ধ শতাধিক গাওঁ যোৱা দুটা দশকত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।বৰ্তমান বুৰগাওঁ, গাগলমাৰী আৰু পাভকাতি পঞ্চায়তত সংহাৰী ৰূপ ধাৰণ কৰিছে নৈৰ খহনীয়াই। পবিতৰা অভয়াৰণ্য,হোমেন বৰগোহাঞি ৰাজ্যিক ঘাই পথ,হাতীমুৰীয়া গাঁৱৰ প্ৰতিও ভাবুকী হৈ পৰিছে ব্ৰহ্মপুত্ৰ নৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in