ব্ৰহ্মজান চাহ বাগিচাত কৃৰ্তী ছাত্র-ছাত্ৰী তথা জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা...

ব্ৰহ্মজান চাহ বাগিচাত কৃৰ্তী ছাত্র-ছাত্ৰী তথা জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মজান চাহ বাগিচাত কৃৰ্তী ছাত্র-ছাত্ৰী তথা জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা...

ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ মহকুমাৰ অন্তৰ্গত ব্ৰহ্মজান চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে আটছাৰ উদ্যোগত কৃৰ্তী ছাত্র-ছাত্ৰীৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। প্ৰাক্তন আটছা নেতা চুৰামণ মল্লিকৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ অঞ্চলটোৰ প্ৰায় শতাধিক কৃৰ্তী ছাত্র-ছাত্ৰীক একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে।

Advertisment

আটছাৰ গহপুৰ শাখা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰীজলাল বাগে আঁত ধৰা সভাখনত ভাষণ প্ৰদান কৰি আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰৱিদাসে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক,লাইভ চেভেন চিষ্টাৰ্ছৰ মুখ্য সম্পাদক তথা সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়াৰ মানবীয় প্ৰমূল্যবোধ, সামাজিক দায়বদ্ধতা আৰু আৰ্তজনৰ প্ৰতি আগবঢ়াই অহা সেৱাৰ শলাগ লয়।

ভাষণ প্ৰসংগত তেওঁ সাংবাদিক ভুৱন শইকীয়াই সুদীৰ্ঘ দিন ধৰি চাহ জনগোষ্ঠীয় ৰাইজৰ কাৰণে কৰি অহা কৰ্মৰাজিৰ শলাগ লোৱাৰ লগতে লাইভ চেভেন চিষ্টাৰ্ছৰচে চাহ জনগোষ্ঠীয় ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদি নিষ্ঠাৰে তুলি ধৰি চৰকাৰ-প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি অহাৰ কথাও ভাষণত উল্লেখ কৰে।

Also Read: চিৰাঙৰ বেংতলত চিআৰপিএফ ৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্য্যসূচী

brahmajan