Advertisment

অসমীয়া প্ৰতিদিনৰ সংবাদদাতা বুবুল হাজৰিকালৈ বি আৰ আম্বেদকাৰ যুৱ সাংবাদিকতা বঁটা...

পাঁচ ফেব্ৰুৱাৰীত লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া ছাত্ৰ সংগঠনটোৰ যুৱ সমাৰোহ আৰু বি আৰ আম্বেদকাৰ বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিক গৰাকীক আগবঢ়োৱা হ’ব এই বঁটা ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমৰ উত্তৰ অসমৰ ব্যুৰ’ তথা অসমীয়া প্ৰতিদিনৰ লখিমপুৰৰ সংবাদদাতা বুবুল হাজৰিকালৈ বি আৰ আম্বেদকাৰ যুৱ সাংবাদিকতা বঁটা ৷ সদৌ অসম অনুসুচীত জাতি ছাত্ৰ সন্থাই আগবঢ়াইছে এই বঁটা ৷ 

Advertisment

পাঁচ ফেব্ৰুৱাৰীত লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া ছাত্ৰ সংগঠনটোৰ যুৱ সমাৰোহ আৰু বি আৰ আম্বেদকাৰ বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিক গৰাকীক আগবঢ়োৱা হ’ব এই বঁটা ।

মূলত পিছপৰা অনুসূচিত জাতিৰ লোক সকলৰ বান গৰাখহনীয়া সমস্যা,অনগ্ৰসৰতা আৰু আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত সাংবাদিকতাৰ জৰিয়তে আগবঢ়োৱা বৰঙনিৰ বাবে বুবুল হাজৰিকাক এই বঁটা প্ৰদান কৰা হৈছে বুলি ছাত্ৰ সংগঠনটোৱে সদৰী কৰে ।

লখিমপুৰ