Advertisment

কোকৰাঝাৰস্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত শপত গ্ৰহণ অনুষ্ঠান…

কোকৰাঝাৰৰ বিএফৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় বিপিএফৰ শপত গ্ৰহণ অনুষ্ঠান । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান  হাগ্ৰামা মহিলাৰী ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  কোকৰাঝাৰৰ বিএফৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হয় বিপিএফৰ শপত গ্ৰহণ অনুষ্ঠান । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান  হাগ্ৰামা মহিলাৰী । কোকৰাঝাৰ জিলা সমিতি, মহিলা সমিতি,যুৱ বিপিএফ সমিতি আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয় ।

Advertisment

অনুষ্ঠানত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি মন্তব্য কৰে যে বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ট লাভ কৰিব বিপিএফ দলে । ২০২৫ চনৰ ৮ এপ্ৰিলত প্ৰমোদ বড়োৰ কাৰ্যকাল শেষ হ', সেইমতে এপ্ৰিলতে অনুষ্ঠিত হব নিৰ্বাচন ।

তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰ গঠনৰ পিছত শিক্ষা, কৃষি আৰু নিবনুৱা সমস্যা সমাধানত গুৰুত্ব দিব । প্ৰতিটো পৰিষদীয় সমষ্টিত ২৫০০ জন দিন মজুৰি কৰি খোৱা লোকক বছৰি ৫০০০ টকাকৈ প্ৰদান কৰিব । লগতে ৫০ টা আত্মসহায়ক গোটক ২৫ হাজাৰকৈ টকা প্ৰদান কৰিব বুলিও মন্তব্য কৰে বিপিএফ প্ৰধান গৰাকীয়ে ।

হাগ্ৰামা মহিলাৰী বিপিএফ