বি পি এফ দলে চৰকাৰ গঠন কৰিব পাৰিলে বি টি চিৰ প্ৰতিটো কামৰে তদন্ত কৰিব : হাগ্ৰামা মহিলাৰী

বি টি চি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিটিআৰত কেইবাটাও দল সংগঠনে আৰম্ভ কৰিছে কুজকাৱাজ। ইতিমধ্যে বিটিআৰত থকা প্ৰধান দুটা দল বিপিএফ আৰু ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে

author-image
Asomiya Pratidin
New Update
বি পি এফ দলে চৰকাৰ গঠন কৰিব পাৰিলে বি টি চিৰ প্ৰতিটো কামৰে তদন্ত কৰিব

ডিজিটেল সংবাদ, বৰমা : বি টি চি নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিটিআৰত কেইবাটাও দল সংগঠনে আৰম্ভ কৰিছে কুজকাৱাজ। ইতিমধ্যে বিটিআৰত থকা প্ৰধান দুটা দল বিপিএফ আৰু ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে দুয়োটা দলত যোগদান কাৰ্য্যসূচী পূৰ্ণ গতিত চলি আছে ৷

Advertisment

এনে সময়তে শনিবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় বিপিএফ দলৰ কাৰ্য্যনিৰ্বাহ সভা। এই সভাত উপস্থিত থাকে বিবিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী।

উক্ত সভাত মহিলাৰীয়ে কয় যে, বিপিএফ দলে এইবাৰ চৰকাৰ গঠন কৰিব ৷ প্ৰমোদ বড়োৰ চাৰকাৰে একো কৰিব পৰা নাই ৷ নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম হোৱা সকলো তদন্ত কৰিব ৷ জিএছপি দলে বিপিএফ দলৰ লগত মিত্ৰতা কৰিবলৈ অহাটোক বাধা দিব নোৱাৰো ৷ 

উক্ত সভাতে কেইবাগৰাকীও অইন দলৰ নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে ৷ যোগদান কাৰ্যসুচীৰ অন্তত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বি পি এফ নিৰ্বাচনত জয়ী হ'লে ৰাইজৰ কাম কৰে তথা ৰাইজৰ উন্নতিৰ বাবে বি পি এফৰ জন্ম হোৱা বুলি কয় ৷

তেওঁ ইউ পি পি এল দলৰ পৰা দৈনিক বি পি এফলৈ কৰ্মীসকল অহা বুলি কৈ নিৰ্বাচনৰ পূৰ্বে ইউ পি পি এল শূন্য হ'ব বুলি কয় ৷  ইপিনে আগন্তুক নিৰ্বাচনত বি পি এফ দলে ২৫ খন আসন আৰু বিজেপিয়ে ১৫ খন আসন লাভ কৰিব বুলি কৈ ইউ পি পি এল দলে এখনো আসন নাপাই বুলি জনায় ৷

তেওঁ বড়ো জাতিৰ উত্তৰণৰ ক্ষেত্ৰত বড়ো ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী বুলি কৈ মন্ত্ৰী ইউ জি ব্ৰহ্মক মিছলীয়া আখ্যা দিয়ে ৷ তেওঁ ইউ জিৰ কথাক বিশ্বাস নকৰিবলৈ কৈ মন্ত্ৰী ইউ জি ব্ৰহ্মই এসময়ত বি টি চি চুক্তিকো সমৰ্থন কৰা নাছিল বুলি কয় ৷

ভাষণ প্ৰসঙ্গত মহিলাৰীয়ে দেশজুৰি চৰ্চা লাভ কৰা ৱাকফ বিল সন্দৰ্ভত যিহেতু বিপিএফ দলৰ কোনো ৰাজ্যসভা অথবা লোকসভাৰ সাংসদ নাই গতিকে ৱাকফ বিল সন্দৰ্ভত কোনো গুৰুত্ব নাথাকিব বুলি কয় ৷ তেওঁ বিটিচিৰ নতুন ৰাজনৈতিক দল  এ পি বিৰ সন্দৰ্ভত নতুন দলে বিপিএফৰ একো ক্ষতি কৰিব নোৱাৰে বুলি কৈ ইউ পি পি এল দলৰহে ক্ষতি হ'ব মত প্ৰকাশ কৰে ।

তেওঁ জি এছ পি নেতা নৱ কুমাৰ শৰণীয়া ( হিৰা )ই মিত্ৰতাৰ কাৰণে আগবাঢ়ি অহা বুলি কয় ৷ জি এচ পিৰে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি আছে বুলি জনায়।

ইপিনে  বি পি এফ - ইউ পি পি এল একত্ৰিকৰণৰ ক্ষেত্ৰত এবছুৰ প্ৰতিনিধিৰ লগত আলোচনা হোৱাৰ কথা স্বীকাৰ কৰি অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই কোৱাৰ দৰে হাগ্ৰামাই চীফ বিচৰাটো মিছা বুলি উল্লেখ কৰে হাগ্ৰামাই ৷ বিটি চিত প্ৰমোদ বড়োৰ নিৰ্দেশত হোৱা গোপন নিযুক্তি সন্দৰ্ভত বিপিএফৰ চৰকাৰ আহিলে তদন্ত হব বুলি কয় হাগ্ৰামাই ।

বিপিএফৰ চৰকাৰ হ'লে অৰ্থাৎ ৫ মাহ পিছত দিনে ৰাতিয়ে হৈ থকা নিযুক্তি সন্দৰ্ভত তদন্ত কৰিব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ৷ সভাত বিপিএফ দলৰ বিধায়ক দুৰ্গাদাস বড়ো, ৰবিৰাম নাৰ্জাৰী , থানেশ্বৰ বড়ো, প্ৰাক্তণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম , প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়ো, বি পি এফ নেতা প্ৰবীণ বড়ো লগতে বি পি এফৰ নেতা কৰ্মী সকল উপস্থিত থাকে।

Hagrama Mohilary barama