/asomiyapratidin/media/media_files/2025/03/22/BEhSJQbBY0KVgbkFpP72.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ গুমা পৰিষদীয় সমষ্টিৰ পানবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় বি পি এফৰ এখন কৰ্মী সভা। এই সভাত উপস্থিত থাকি বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আগন্তুক নিৰ্বাচন সন্দৰ্ভত কেইবাটাও মন্তব্য কৰে।
হাগ্ৰামা মহিলাৰীয়ে প্রমোদ বড়ো আৰু ইউ পি পি এল দলক সমালোচনা কৰি কয় যে, আগন্তুক পৰিষদীয় নিৰ্বাচনত বি পি এফ, বি জে পি, কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে, যদিও প্রমোদ বড়ো আৰু ইউ পি পি এল দলে আজিলৈকে অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিবলৈ সাহস নহ’ল।
এবছুৰ উদ্যোগত বি পি এফ আৰু ইউ পি পি এল একত্ৰীকৰণ কৰা সন্দৰ্ভত মহিলাৰীয়ে মন্তব্য কৰে যে এবছু আৰু খাম্পা বৰ্গয়াৰীয়ে প্রমোদ বড়ো আৰু মোক এখন টেবুলত বহুৱাৰ থকা কৈছিল, কিন্তু আজিলৈকে পাৰা নাই।
উল্লেখযোগ্য যে উক্ত কৰ্মী সভাত দলৰ ভালেসংখ্যক কাৰ্যকৰ্তা আৰু দলীয় সমৰ্থক উপস্থিত থাকে।