বিজেপিৰ একলা চলো নীতি ঘোষণাৰ পিছতে বিটিচিৰ ৰাজনীতিত নতুন সমীকৰণ !

এবছুৰ মধ্যস্থতাত ইউপিপিএল আৰু বিপিএফ দলৰ নেতা সকলৰ মাজত কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল । কিন্তু পৰবৰ্তী সময়ত বিভিন্ন কাৰণত এই মিত্ৰতা সন্দৰ্ভত আলোচনা স্থবিৰ হৈ গৈছিল।

author-image
Asomiya Pratidin
New Update
bvbb

ডিজিটেল সংবাদ, চিৰাং:  বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে একলা চলো নীতি অৱলম্বন কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰাৰ পিছত বিটিআৰৰ ৰাজনৈতিক সমীকৰণ পুনৰ সলনি হোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি ? বিজেপিৰ একলা চলো নীতি ঘোষিত হোৱাৰ পিছত বিটিআৰত ইউপিপিএল আৰু বিপিএফ দলৰ মাজত মিত্ৰতা আকৌ প্ৰাসংগিক হৈ পৰিছে নেকি !

কাৰণ বিজেপিৰ দলৰ আগ্ৰাসী ৰাজনীতি দেখি পেলাই বিপিএফ আৰু ইউপিপিএল দলে আকৌ মিত্ৰতাৰ দিশত আগবাঢ়িছে তেনে এক ইংগিত আজি বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে। আজি চিৰাং জিলাৰ বামুনগাঁৱত বিপিএফ দলৰ মহিলা কোষ, যুৱ বিপিএফ আৰু ছাত্ৰ কোষ বিএচইউ এক দলীয় সভাত অংশগ্ৰহণ কৰাৰ সময়ত অসমীয়া প্ৰতিদিনৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

্ি

উল্লেখ্য যে বিগত বৰ্ষত তদানীন্তন বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপি দলে একক ভাবে অৱতীৰ্ণ হব বুলি ঘোষণা কৰিছিল আৰু বিজেপিৰ এই ঘোষণাৰ পিছত বিটিচি তথা বড়ো সকলৰ জাতীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি বিটিআৰ মূলতঃ দুই মুখ্য ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএল দলে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰিছিল এবছুৰ কেন্দ্ৰীয় নেতৃবৰ্গই ।

সেইমতে এবছুৰ মধ্যস্থতাত ইউপিপিএল আৰু বিপিএফ দলৰ নেতা সকলৰ মাজত কেইবালানি বৈঠক অনুষ্ঠিত হৈছিল । কিন্তু পৰবৰ্তী সময়ত বিভিন্ন কাৰণত এই মিত্ৰতা সন্দৰ্ভত আলোচনা স্থবিৰ হৈ গৈছিল। ৰাজ্যিক বিজেপিৰ নতুন সভাপতি দিলীপ শইকীয়াই বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপি দলে একলা চলো নীতিৰে অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ পিছত ইউপিপিএল আৰু বিপিএফৰ পূৰ্বৰ যি মিত্ৰতা সেয়া পুনৰ বাস্তৱায়িত কৰাৰ বাবে প্ৰস্তাৱ লৈ এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী হাগ্ৰামা মহিলাৰীৰ সৈতে বৈঠকত মিলিত হৈছে বুলি হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰে ।

ুপৰ

এবছুৰ নেতৃবৰ্গই হাগ্ৰামা মহিলাৰীৰ সৈতে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে বৈঠকত মিলিত কৰাৰ প্ৰস্তাৱ দিছিলে কিন্তু আজিলৈকে সেই বৈঠক অনুষ্ঠিত হোৱা নাই। তেনেহলে এইবাৰো এবছুৰ এই প্ৰচেষ্টা বিফলে যাব নেকি বুলি প্ৰশ্ন কৰাত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ উন্নয়ন আৰু জাতীয় স্বাৰ্থত যদি প্ৰমোদ বড়ো আগুৱাই আহে তেনেহলে হাগ্ৰামা মহিলাৰীৰ এইক্ষেত্ৰত কোনো আপত্তি নেথাকিব বৰঞ্চ তেওঁ স্বাগতম জনাব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।

কিন্তু এই মুহূৰ্তত বিটিচিৰ ৰাজনীতিত এক নম্বৰ স্থানতে আছে বিপিএফ দল, দুই নম্বৰত আছে বিজেপি আৰু তিনি নম্বৰ স্থানত আছে ইউপিপিএল আৰু কংগ্ৰেছ দল। আনপিনে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ কথা প্ৰকাশ কৰাৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে  কোনোবা ৰাজনৈতিক দল হিচাপে যদি আমাক সহায় কৰিব বিচাৰিছে তেনেহলে সেই সন্দৰ্ভত আমাৰ একোকবলগা নাই বুলি মন্তব্য কৰে ।

িুি

বিটিচি পৰিষদীয় নিৰ্বাচন চৰকাৰে অহা চেপ্তেম্বৰ মাহত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে আৰু আশা কৰো ঘোষণা কৰা মতেই নিৰ্বাচন অনুষ্ঠিত কৰিব।  তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি বিপিএফ দল হিচাপে আমাৰ দলক সাংগঠনিক ভাবে শক্তিশালী কৰিবলৈ প্ৰতিটো ব্লক পৰ্যায়ত আমি দলীয় সভা অনুষ্ঠিত কৰি আছো । আমাৰ দলৰ দলীয় সভা সমূহত  বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ দলে আহি আমাৰ সভাত অংশগ্ৰহণ কৰে।

 এতিয়াও তেওঁলোকে পৰবৰ্তী বিটিচিৰ চৰকাৰ হিচাপে মনেপ্ৰাণে বিপিএফ দলকে বিচাৰে বুলি মুকলিকৈ প্ৰকাশ কৰে ইয়াৰ দ্বাৰা আমি অনুমান কৰিব পাৰি যে আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনত আমাৰ দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হোৱাটো নিশ্চিত বুলি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে।

ুিুিু

আজি বামুনগাঁৱৰ বিপিএফ দলৰ ১৩ নং চিৰাং ব্লক পৰ্যায়ৰ কৰ্মী সভাত হাগ্ৰামা মহিলাৰীৰ উপৰি জিলা বিপিএফৰ সভাপতি জেমছ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্ম, বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়ো, বিএচইউ ৰ সভাপতি ছেগেমছাত বসুমতাৰী, বিপিএফৰ কেন্দ্ৰীয় উপ সভাপতি শুদ্ধ বসুমতাৰী উপস্থিত থাকে।

 আজিৰ এই দলীয় কৰ্মী সভাৰ অন্তত শাসকীয় দল ইউপিপিএল আৰু কিছু সংখ্যক বিজেপি দলৰ পৰা মুঠ ১৮০ গৰাকী লোকে আনুষ্ঠানিক ভাবে বিপিএফ দলত যোগদান কৰে বুলি চিৰাং ব্লক বিপিএফৰ সভাপতি শুকুৰসিং মুছাহাৰী আৰু সাধাৰণ সম্পাদক হেমেল ইশ্লাৰীয়ে জানিবলৈ দিয়ে। সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত বিভিন্ন দলৰ পৰা আহি নতুনকৈ বিপিএফ দলত যোগদান লোক সকলক দলীয় পতাকাৰে আদৰি আনে দলৰ নেতা সকলে ।

হাগ্ৰামা মহিলাৰী