/asomiyapratidin/media/media_files/2025/05/17/YqImbTzWaKc4gG5UACM3.jpg)
সংখ্যালঘু সম্প্ৰদায়ৰ মিস্ত্ৰীক বিপিএফৰ পালিনেতাৰ মাৰপিট
ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ আঠিয়াবাৰীত বিপিএফ কৰ্মীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। আদৰ্শ শৌচালয় নিৰ্মাণত কৰ্মৰত মিস্ত্ৰীক বিপিএফৰ লোকে কৰিছে মাৰপিট ।
স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, ৰাজহুৱা আদৰ্শ শৌচালয় আচঁনিৰ অধীনত নিৰ্মাণ কৰি থকা শৌচালয়টো নিৰ্মাণত কৰ্মৰত এগৰাকী মিস্ত্ৰীক কেবাদিন ধৰি ধন দাবীৰ লগতে ভাবুকি দি আহিছিল একাংশই। কিন্তু দুদিন পূৰ্বে নিশাৰ সময়ত বিপিএফৰ দুজন লোকে সংখ্যালঘু সম্প্ৰদায়ৰ উক্ত মিস্ত্ৰীগৰাকীক মাৰপিটো কৰে বুলি অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতে আতংকিত হৈ উক্ত মিস্ত্ৰী গৰাকীয়ে বিপিএফৰ মোহন বড়ো আৰু মৃগেন বড়োৰ বিৰূদ্ধে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি কাম নকৰি নিজ ঘৰলৈ গুছি যায়। ফলত স্তব্ধ হৈ পৰে শৌচালয় নিৰ্মাণৰ কাম। সংখ্যালঘু সম্প্ৰদায়ৰ লোকক এইদৰে বিপিএফৰ লোকে ভাবুকি দিয়াটো পুৰণি স্বভাৱ বুলি অভিযোগ কৰি এই ঘটনাক স্থানীয় একাংশই গৰিহণা দিয়াৰ লগতে উচিত বিচাৰ হ'ব লাগে বুলি দাবী উত্থাপন কৰে। এই সন্দৰ্ভত আঠিয়াবাৰী আউটপোষ্টত এজাহাৰো দাখিল কৰা হৈছে।