Advertisment

কোকৰাঝাৰৰ বিশমুৰীত বিপিএফৰ যোগদান সভা...

যুৱচামৰ ওপৰতে বিটিচিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফ দলে চৰকাৰ গঠন কৰাৰ পিছতে নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে আত্মসংস্থাপনৰ বাট মুকলি কৰিব ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ আগন্তুক বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে বিপিএফ দল । বিহুৰ সময়ছোৱাতো তৎপৰতা প্ৰদৰ্শন কৰি আজি বিছমুৰী যুৱ বিপিএফৰ উদ্যোগত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় । 

Advertisment

বিছমুৰী যুৱ বিপিএফৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত হোৱা উক্ত যোগদান সভাত সৰ্বমুঠ ২৭ জন এবছু, ইউপিপিএল আৰু প্ৰাক্তন এনডিএফবিৰ নেতা-সদস্যই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে। বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰা সদস্যসকলক বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাৱে আৰনাই, গামোচাৰে দললৈ আদৰণি জনায় । 

ইপিনে উক্ত কাৰ্যসূচীৰ পিছতে সংবাদমাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীক লৈ প্ৰমোদ বড়োৱে ভিচন ডকুমেণ্ট বনালে কি হ'ব প্ৰকৃততে প্ৰমোদ বড়োৱে কোনো এটা জাতিৰ বাবে কাম কৰা নাই । অহা এপ্ৰিলৰ ভিতৰত বিটিচি নিৰ্বাচনৰ পোষকতা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে যদিহে এপ্ৰিলৰ ভিতৰত নিৰ্বাচন নহয় তেনেহলে প্ৰমোদ বড়োৱে ছবাৰ বাজেটৰ ধন লাভ কৰিব যিটো আইনসংগত নহয় । পাঁচবছৰৰ বাবে নিৰ্বাচিত হৈ ছয়বাৰ বাজেটৰ ধন পোৱাৰ নজিৰ কোনো চৰকাৰৰ নাই গতিকে আইনসংগতভাৱে অহা এপ্ৰিলৰ ভিতৰতে বিটিচি নিৰ্বাচনৰ পোষকতা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। 

আনহাতে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলে ভাল ফলাফল প্ৰদৰ্শন কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে । যুৱচামৰ ওপৰতে বিটিচিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিপিএফ দলে চৰকাৰ গঠন কৰাৰ পিছতে নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে আত্মসংস্থাপনৰ বাট মুকলি কৰিব । সকলো কাম পদ্ধতিগতভাৱে কৰা হ'ব বুলিও মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

আজিৰ যোগদান সভাত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম,  দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমতাৰী, দেৱৰগাঁও ব্লক বিপিএফৰ সভাপতি গিলবাৰ্ট বৰগয়াৰী , বিপিএফৰ জ্যেষ্ঠ নেত্ৰী মালতী ৰাণী নাৰ্জাৰী আদিকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে । 

বিটিচি