প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা বিপিএফৰ

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই বিটিআৰত চলিছে ব্যাপক নিৰ্বাচনী তৎপৰতা। বিজেপি-ইউপিপিএলৰ সমান্তৰালভাৱে বিপিএফেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ।

author-image
Asomiya Pratidin
New Update
প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা বিপিএফৰ

প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা বিপিএফৰ

ডিজিটেল সংবাদ, বাক্সাঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই বিটিআৰত চলিছে ব্যাপক নিৰ্বাচনী তৎপৰতা। বিজেপি-ইউপিপিএলৰ সমান্তৰালভাৱে বিপিএফেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ। শনিবাৰে বাক্সা জিলাৰ ভাংৰিকুছিত বিপিএফে অনুষ্ঠিত কৰে বিশাল জনসভা। লগতে এই সভাতে বহু শতাধিক অন্য দলৰ কৰ্মীয়ে বিপিএফত যোগদান কৰে । 

এই সভাৰ পিছতে সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম আৰু প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে প্ৰমোদ বড়ো তথা ইউপিপিএল দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰমোদ বড়োৰ প্ৰতি বিটিআৰ বাসীৰ আস্থা নাই বুলি উল্লেখ কৰি আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দলে খুব বেছি তিনিখন আসন লাভ কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বিপিএফ বিটিআৰ বিটিচি