/asomiyapratidin/media/media_files/2025/06/06/VAjsx4lohJCh6N5uM2Tc.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আগন্তুক বিটিচি নিৰ্বাচনৰ পূৰ্বে বিপিএফৰ উপসভাপতি তথা এনডিএফবি (পি)ৰ প্ৰাক্তন সভাপতি ড০ ধীৰেন্দ্ৰ বড়োৱে বিপিএফ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰাত বিটিআৰত জোঁকাৰণিৰ সৃষ্টি হৈছে। তদুপৰি এয়া বিপিএফত দলৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে।
উল্লেখ্য যে আজি নিশা কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বাসভৱনত বিপিএফ দলৰ উপ-সভাপতি তথা এনডিএফবি (পি)ৰ প্ৰাক্তন সভাপতি ড০ ধীৰেন্দ্ৰ বড়োৱে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ।
বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী, ইউপিপিএল দলৰ সাধাৰণ সম্পাসক মাধৱ ছেত্ৰী আদিৰ উপস্থিতিত আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ড০ ধীৰেন্দ্ৰ বড়োই ।
বিটিচি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফৰ উপ-সভাপতি ড০ ধীৰেন্দ্ৰ বড়োই দলত্যাগ কৰাটো বিপিএফ দলৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে। আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ড০ ধীৰেন্দ্ৰ বড়োক ইউপিপিএল দললৈ আদৰণি জনাই ড০ ধীৰেন্দ্ৰ বড়োৰ যোগদনে ইউপিপিএল দলক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে।