/asomiyapratidin/media/media_files/2025/07/15/jhjhjhj-2025-07-15-22-59-48.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ নিৰ্বাচন চমু চাপি আহিছে। এই নিৰ্বাচনৰ আগত বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন কৌশল অৱলম্বন কৰি বিটিচিৰ গাদী দখল কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বিপিএফ যুৱ মৰ্চাৰ উপ সভাপতি কাষ্টম বসুমতাৰীয়ে মঙলবাৰে ফেচবুক লাইভৰ জৰিয়তে বিটিচিৰ শিক্ষিত যুৱক যুৱতীৰ সকলক উদ্দেশ্যি কৰিছে এক আহ্বান।
বিটিচিৰ যুৱক যুৱতী সকলে নিজকে কোনো ডাঙৰ ব্যক্তি অথবা গোষ্ঠীৰ সৈতে কোনো সম্পৰ্ক নাই বুলি ভাবি নিজকে অকলশৰীয়া বুলি নাভাবিবলৈ অনুৰোধ জনায়। তেওঁলোকৰ লগত সদায়েই বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী লগত আছে বুলি অনুভৱ কৰিবলৈ কয় নেতাগৰাকীয়ে।
কাষ্টম বসুমতাৰীয়ে লগতে সদৰি কৰে যে, বিটিচিৰ গাঁৱবোৰক উন্নয়ন কৰিব বিচাৰিলে সদায়েই বিপিএফ দলে সহায় কৰিব। বিটিচিৰ গাঁৱবোৰক উন্নয়ন কৰিবলৈ আগ্ৰহী যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ আহ্বান জনায়। তেনে যুৱক যুৱতী সকলক বিপিএফৰ যুৱ মৰ্চাৰ কোনো নেতা বা কৰ্মীৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলি ফেচবুক লাইভত নেতাগৰাকীয়ে উল্লেখ কৰে। যুৱক যুৱতীয়ে আগুৱাই আহি বিটিচিক উন্নয়ন কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ চিন্তা আৰু আদৰ্শক বিটিচিৰ গাঁৱবোৰলৈ নিব পাৰিব বুলিও যুৱ নেতা গৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে।