কোকৰাঝাৰত বিপিএফৰ উদ্যোগত বিটিচি চুক্তি দিৱস উদযাপন...

২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি। সেই উপলক্ষে প্ৰতিবছৰে বিপিএফ দলে ১০ ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি। সেই উপলক্ষে প্ৰতিবছৰে বিপিএফ দলে ১০ ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে।

এইবেলিও বি পি এফ দলৰ উদ্যোগত কোকৰাঝাৰত ২৩ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হয়। সেই অনুসৰি ৰাতিপুৱা বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলী তৰ্পন কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। 

বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে হাগ্ৰামা মহিলাৰী সদলবলে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধি ক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰতে থকা ছহিদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে। 

দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধি ক্ষেত্ৰতে দলীয় কৰ্মকৰ্তাক লৈ হাগ্ৰামা মহিলাৰীয়ে এক ছহিদ স্মৰণ সভাও অনুষ্ঠিত কৰে য'ত মহিলাৰীয়ে ছহিদৰ আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।

উল্লেখ্য যে ২৩ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে আজি ৰাতিপুৱা ফকিৰাগ্ৰাম , দোতমা, বনৰগাঁও,নাৰাবাৰী, ছালাকাটি , তিনালী বিপিএফৰ ব্লক কাৰ্যালয়ৰ পৰা দেৱৰগাঁওলৈ মটৰচাইকেল ৰেলী বাহিৰ কৰা হয় ।

হাগ্ৰামা মহিলাৰী বিটিচি বিপিএফ